মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি পত্ৰ প্ৰদান
গুয়াহাটি ১৮ ডিসেম্বৰ : লোকসেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত সোমবাৰ মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৪৩গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি-পত্ৰ প্ৰদান কৰে ।
স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ পোৱা সকলোৱে নিজৰ সততা আৰু নিষ্ঠাৰে কৰ্মজীৱন আগুৱাই নিয়াৰ লগতে দেশ আৰু জনগণৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী।
আজিৰ উক্ত অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা, জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড: সৈকত পাত্ৰ গুয়াহাটি পৌৰ নিগমৰ মেয়ৰ মৃগেন সরনিয়া তথা বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।।

No comments