গ্ৰন্থমেলাৰ পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন
গুৱাহাটী,28 দিচেম্বৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়। পুৱাৰ ভাগত শিশুসকলৰ বাবে আয়োজিত বিশেষ অনুষ্ঠানটি মুকুলি কৰে বিশিষ্ট শিশু সাহিত্যক বন্দিতা ফুকনে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ শিশু সকলক মানসিক আৰু সৃজনীমূলক চিন্তাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। বিয়লি ষষ্ঠ শ্ৰেণীৰ পৰা দাদ্বশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰসকলৰ বাবে মুকুলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।বছৰৰ অন্তিমটো দেউবাৰে গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ সমাবেশত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

No comments