মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ 'চিনাকি পৰ্ব' অনুষ্ঠান সম্পন্ন
গুৱাহাটী ,১৩ ডিচেম্বৰ : অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ এক অনন্য 'চিনাকী পৰ্ব' শীৰ্ষক এক অনুষ্ঠান ১১ ডিচেম্বৰৰ দিনা সন্ধিয়াৰ ভাগত মুম্বাইৰ অসম ভৱন ৱাশ্বিত অনুষ্ঠিত হৈ যায় । উল্লেখ্য যে অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ 'চিনাকি পৰ্ব'ৰ দ্বিতীয়টো অনুষ্ঠান আছিল। আনহাতে অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে ভাগ লয় অসম সাহিত্য সভাৰ প্ৰাক্তন মুখ্য সম্পাদক, নাট্যকাৰ, কবি, সাহিত্যিক, গবেষক, অধ্যাপক ড০ জগদীশ পাটগিৰীয়ে ।
অনুষ্ঠানত ভাষণ প্ৰসংগত ডঃ পাটগিৰীয়ে অসমৰ পৰা বহুত দূৰত থাকিলেও মুম্বাই সাহিত্য সভাই তাত বাস কৰা অসমীয়া সমাজখনক একত্ৰিত কৰি অহা বিষয়টোৰ শলাগ লয় । অনুষ্ঠানত ড০ পাপৰি বৰদলৈয়ে 'বৰ্তমান নাৰী আৰু দায়িত্ব'ৰ ওপৰত বক্তব্য ৰাখে। আনহাতে মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি হিৰণ ভূঞাই সভাপতিত্ব কৰা অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে ।
শেষত শলাগৰ শৰাই আগবঢ়াই মৌচুমী দাসে। অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে - হিৰণ ভূঞা, দীক্ষা পাঠক খাটনিয়াৰ, মৌচুমী দাস, জাহ্নৱী বৰুৱা (লিমাৰিক) আৰু ৰজনীকান্ত বৰগোহাঁইয়ে। অনুষ্ঠানত চমু ভাষণ প্ৰদান কৰে মুম্বাই স্বৰ্ণ শাখাৰ প্ৰাক্তন সভাপতি ৰুমা হাজৰিকা, শ্ৰীময়ী মহিলা মণ্ডলৰ সম্পাদক সুমন শৰ্মাই। অনুষ্ঠানত নৱি মুম্বাইৰ বৈষ্ণৱ সমাজৰ সক্ৰিয় সদস্য ত্ৰৈলোক্য হাজৰিকাকে ধৰি মুম্বাইত থকা কেবাজনো বিশিষ্ট অসমীয়া লোক উপস্থিত আছিল ।

No comments