Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন


  গুৱাহাটী : ১৩ ডিচেম্বৰ : অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত  অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন- খোৱা উৎসৱ উপলক্ষে ১২ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ  দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া আৰু সামাজিক - সাংস্কৃতিক অনুষ্ঠান নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীৰ দীপৰ বিল ইকো কেম্প চৌহদ। 

বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীৰ যৌথ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত অঞ্চলটোৰ কেবাজনো বিশিষ্ট ব্যক্তি , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ কলিতা,  দেউছতাল নৱজ্যোতি সংঘৰ উপ সভাপতি অশোক থাপাকে ধৰি  কেবাজনো কৰ্মকর্তা উপস্থিত থাকে ।


 

 আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু  অনুষ্ঠানত কেবাজনো বক্তাই  ভাষণ প্রসংগত পুৰণি দিনৰ  ন-খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে। 

ইফালে ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি  অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত  জালুকবাৰীৰ তেতেলীয়াৰ জোনবিৰি সাংস্কৃতিক দলকে ধৰি  আমন্ত্ৰিত শিল্পীৰ দলে  বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য, জনপ্ৰিয় শিল্পী  দ্বীপজ্যোতি নাথকে   ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত,  কৌতুক  পৰিবেশন কৰি উপস্থিত   শতাধিক লোকক আপ্লুত কৰে। আনহাতে ন- খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়।

No comments

Powered by Blogger.