Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে কুলদীপ সিঙৰ কাৰ্যভাৰ গ্ৰহণ


 

গুৱাহাটী  ,৩ ডিচেম্বৰ : সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে ২৯ নৱেম্বৰত আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ মূখ্য কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰিছে কুলদীপ সিঙে।  বিদায়ী মহা পৰিদৰ্শক সুখদেৱ ৰাজক বি এছ এফৰ চন্দীগড়স্থিত পশ্চিম কমাণ্ডৰ মূখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে। উল্লেখ্য যে আইনৰ স্নাতক আৰু  সন্মানীয় ডিফেন্স চাৰ্ভিচ ষ্টাফ কলেজ ৱেলিংটনৰ পৰা এম বি এ ডিগ্ৰীধাৰী , বি এছ এফৰ ১৯৯০ বেটছৰ বিষয়া কুলদীপ সিঙে সহকাৰী অধিনায়ক হিচাপে যোগদান কৰি নিজৰ যোগ্যতা , দক্ষতা আৰু অভিজ্ঞতাৰ বলত মহা পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰিছে।

বিগত প্ৰায় ৩৫ বছৰীয়া চাকৰি জীৱনত কুলদীপ সিঙে কছভোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত সেৱা আগবঢ়োৱাৰ লগতে ৰাষ্ট্ৰপতি , উপ ৰাষ্ট্ৰপতি , প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ ভি ভি আই পিৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড ( এন এছ জি) আদিতো সুখ্যাতিৰে সেৱা আগবঢ়াইছিল । ইয়াৰ উপৰিও বাহিনীটোত  সহকাৰী অধিনায়ক হিচাপে যোগদান কৰাৰ পৰা বৰ্ত্তমানলৈকে বিগত প্ৰায় ৩৫ বছৰত ভাৰত - পাকিস্তান আৰু ভাৰত - বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বহু দুৰ্গম ঠাইত কাৰ্যনিৰ্বাহ কৰা কুলদীপ সিঙে জম্মু - কাশ্মীৰত ভাৰত বিৰোধী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানতো নিয়োজিত আছিল।

No comments

Powered by Blogger.