এক বহনক্ষম প্ৰকৃতিক পৰিৱেশ গঢ়াৰ উদেশ্য লৈ চৰকাৰ,জনসাধাৰণ আৰু বিশেষজ্ঞক একত্ৰিত কৰি অনুষ্ঠিত হ’ব “আসাম লাইফ্ ফ’ৰ নেচাৰ“ সন্মিলন ৷
গুৱাহাটী,১৬ ডিচেম্বৰ - অহা ১৬ আৰু ১৭ ডিচেম্বৰ ২০২৫ তাৰিখে দুদিনীয়া কাৰ্যসূচী হাতলৈ গুৱাহাটীস্থিত ন’ভটেলত “আসাম লাইফ্ ফ’ৰ নেচাৰ“ সন্মিলন অনুষ্ঠিত হ’ব। অসমৰ বিৰল তথা চহকী প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ হেতু চৰকাৰী বিষয়া ,নাগৰিক সমাজ,যুৱ সমাজ,পৰিৱেশ কৰ্মী,সংবাদ কৰ্মী আৰু বেচৰকাৰী সংস্থাই সংমিলিত হ’ব ৷ চিএমএচ বাতাবৰণ নেতৃত্বত “কেয়াৰ লুইত“ৰ সহযোগিতাত অনুষ্ঠিত হ’ব লগীয়া সন্মিলন খনক বিভিন্ন অনুষ্ঠানে সহযোগিতা আগবঢ়াইছে ;তাৰে অন্যতম অনুষ্ঠানসমূহ হৈছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰচাৰিত মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী) ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ অধীনত চিএমএছ ভাটাভৰন দ্য হেবিটেটছ ট্ৰাষ্টৰ সহযোগত এই সন্মিলনখনৰ আয়োজন কৰা হৈছে, যাক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC), ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP) ভাৰত, ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (UNWFP)ৰ দ্বাৰাও সমৰ্থিত।
ৰাজ্যিক পৰ্যায়ত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসম কৃষি বন উন্নয়ন ব’ৰ্ড, অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ড, অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ, অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি, অসম চৰকাৰ, অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, ব্ৰহ্মপুত্ৰ ব’ৰ্ড, আৰণ্যক, অসম দক্ষতা বিশ্ববিদ্যালয়, ডব্লিউডব্লিউএফ অসম, কেয়াৰ লুইত আৰু অসম প্ৰেছ ক্লাবকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহে সহযোগিতা আগবঢ়াইছে ৷
অসমৰ বাবে গভীৰভাৱে প্ৰাসংগিক বিষয়সমূহ — বানপানী আৰু গৰাখহনীয়া মানুহ-বন্যপ্ৰাণীৰ মাজত সংঘাত, জলবায়ু-প্ৰতিৰোধী জীৱিকা, জলাশয় আৰু বনাঞ্চল সংৰক্ষণ, সেউজ দক্ষতা, আৰু সম্প্ৰদায়ভিত্তিক দায়িত্বশীল ব্যৱস্থাপনা আৰু সংৰক্ষণ নিশ্চিত কৰা হ’ব যাৰ ফলত বহনক্ষম উন্নয়ন আৰু সামাজিক সৱলীকৰণ সম্ভৱ হ’ব।”
আদি বিষয়সমূহৰ সমাধানৰ বাবে এই সন্মিলনখনক এক বিশেষ মঞ্চ হিচাপে গন্য কৰা হৈছে।
উদ্বোধনী অনুষ্ঠানত "এ ভিজুৱেল অডিচি অৱ দিহিং পাটকাই" নামেৰে এখন কফি টেবুল কিতাপ উন্মোচন কৰা হয়। ডি এফ অ’ কাৰ্যালয়, ডিগবৈ সংমণ্ডলৰ দ্বাৰা "প্ৰজেক্ট এলিফেণ্ট" ৰ অধীনত এই কিতাপখন ৰচনা কৰা হৈছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ আশে-পাশে থকা বন্যপ্ৰাণী, প্ৰাকৃতিক পৰিৱেশ আৰু সমৃদ্ধিৰ এক সন্মিলিত সংমিশ্ৰণ এই কিতাপখন ।ডিগবৈ সংমণ্ডলৰ দীৰ্ঘদিনীয়া সংগ্ৰাম, কৃতিত্ব আৰু ৰেঞ্জৰ চাৰিওকাষৰ চহৰ আৰু গাঁৱৰ কলা-কৃষ্টি, লোক - সংস্কৃতি আৰু ইতিহাসৰ আভাশ গ্ৰন্থখনত দিয়া হৈছে।
ডিগবৈ অঞ্চলৰ সু-লেখিকা তথা বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা জ্যোৎস্না নেওগে এই গ্ৰন্থখনৰ ধাৰণা আৰু নক্সা প্ৰস্তুত কৰিছে।


No comments