পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত প্ৰথম সদৌ অসম আন্তঃমহাবিদ্যালয়-বিশ্ববিদ্যলয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত :: শ্ৰেষ্ঠ দলৰ খিতাপ লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ
গুৱাহাটী ০১ নবেম্বৰ : পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ উদ্যোগত তথা মহাবিদ্যালয়খনৰ আই কিউ এ চিৰ সহযোগত কালি প্ৰথম সদৌ অসম আন্তঃমহাবিদ্যালয়--বিশ্ববিদ্যালয় ভিত্তিত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় । মহাবিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ তত্বাৱধায়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড: জিন্তু গোঁহাইয়ে । অনুষ্ঠানটোৰ আৰম্ভণিতে অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি মহাবিদ্যালয় পৰিয়ালবৰ্গই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰী সকলে "মায়াবিনী ৰাতিৰ বুকুত" শীৰ্ষক জুবিন গাৰ্গৰ কালজয়ী গীতটো পৰিৱেশন কৰে ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে ৰাজনীতি বিজ্ঞান বিভাগৰ অতিথি অধ্যাপিকা পাৰ্লিনা কলিতাই । উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড: মণীষা ভট্টাচাৰ্যই । মহাবিদ্যালয়খনৰ নতুন সভাকক্ষত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল "হিতাধিকাৰী আঁচনিৰ ৰাজনীতিয়ে কল্যাণমূলক গণতন্ত্ৰৰ আধাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে" ("The politics of freebies challenges the foundation of welfare democracy") । তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষ হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক ড: দিগন্ত বিশ্ব শৰ্মা । আনহাতে বিচাৰক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড: বিদুলা শৰ্মা, অসম জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু নিউজ লাইভ, দিল্লীৰ ব্যুৰ চীফ সিদ্ধাৰ্থ ভট্টাচাৰ্য ।
প্ৰতিযোগিতাখনত ব্যক্তিগত শিতানত প্ৰথম বঁটা হিচাপে প্ৰয়াত লালমহম্মদ চৌধুৰী স্মাৰক শ্ৰেষ্ঠ তাৰ্কিক বঁটা লাভ কৰে অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ জনঞ্জয় দেৱে । প্ৰয়াত ভাগ্যপ্ৰিয়া দেৱী স্মাৰক দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক বঁটা লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গায়ত্ৰী ভূঞাই আৰু প্ৰয়াত ভোলানাথ কলিতা স্মাৰক তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক বঁটা লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ অঞ্জলি মাৰ্দিয়ে । দলীয় শিতানত প্ৰথম বঁটা হিচাপে প্ৰয়াত গকুল চন্দ্ৰ দেৱগোস্বামী স্মাৰক বঁটা লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সুদীপ্ত শইকীয়া আৰু ৰাহুল ৰোহন পলে ।
প্ৰয়াত পৰেশ চন্দ্ৰ কলিতা স্মাৰক দ্বিতীয় বঁটা লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰীক্ষা তালুকদাৰ আৰু ঋতুৰাজ শইকীয়াই । আনহাতে প্ৰয়াত লোহিত চন্দ্ৰ কলিতা স্মাৰক তৃতীয় বঁটা লাভ কৰে জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ হৃত্বিক জালান আৰু অগষ্টা কাশ্যপে । শলাগৰ শৰাই আগবঢ়াই ৰাজনীতি বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক তথা তৰ্ক প্ৰতিযোগিতাখনৰ সহকাৰী সমন্বয়ক হোমেন বৰুৱাই । শেষত জাতীয় সংগীতেৰে অনুষ্ঠানটোৰ সামৰণি পৰে ।


No comments