ধাৰাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতী ছাত্ৰী আয়েশা ৰহমানে
গুৱাহাটী ০১ নবেম্বৰ : গুৱাহাটীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মজলী নিবাসী অহব আলী আৰু জুনেতা বেগমৰ সুযোগ্যা সন্তান আয়েশা ৰহমানে স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰি বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে আয়েশা ৰহমানে অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সমাজতত্ত্ব বিভাগত ৯.৯৭ এছ জি পি এ নম্বৰ লাভ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে । আয়েশা ৰহমানৰ এনে কৃতিত্বত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন সন্তোষ প্ৰকাশ কৰিছে ।
কালি অনুষ্ঠিত অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ পঞ্চম দিক্ষান্ত সমাৰোহত কৃতী ছাত্ৰী আয়েশা ৰহমানক অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত স্বৰ্ণপদক আৰু যোগ্যতাৰ মানপত্ৰ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় ।
No comments