Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ধাৰাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতী ছাত্ৰী আয়েশা ৰহমানে


 গুৱাহাটী  ০১ নবেম্বৰ : গুৱাহাটীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মজলী নিবাসী অহব আলী আৰু জুনেতা বেগমৰ সুযোগ্যা সন্তান আয়েশা ৰহমানে স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰি বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । 

উল্লেখ্য যে আয়েশা ৰহমানে অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সমাজতত্ত্ব বিভাগত ৯.৯৭ এছ জি পি এ নম্বৰ লাভ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে । আয়েশা ৰহমানৰ এনে কৃতিত্বত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন সন্তোষ প্ৰকাশ কৰিছে । 

কালি অনুষ্ঠিত অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ পঞ্চম দিক্ষান্ত সমাৰোহত কৃতী ছাত্ৰী আয়েশা ৰহমানক অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত স্বৰ্ণপদক আৰু যোগ্যতাৰ মানপত্ৰ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় ।

No comments

Powered by Blogger.