গাড়ীগাঁও শ্রীশ্রী শ্যামৰায় গোসাঁইঘৰত ভাগৱত পাঠৰ অনুষ্ঠান
গুৱাহাটী , ১ নৱেম্বৰ : গুৱাহাটী পৌৰ নিগম এলেকাৰ ১ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত গাড়ীগাঁৱৰ শ্রীশ্রী শ্যামৰায় গোসাঁইঘৰৰ সৌজন্যত , শ্ৰী শ্ৰী বাসুদেৱ গোসাঁইঘৰ , শ্ৰী শ্ৰী ৰামকৃষ্ণ নামঘৰ আৰু সাৰ্বজনীন হৰি মন্দিৰৰ যৌথ সহযোগত অহা ৫ নবেম্বৰত পৱিত্ৰ ৰাস পূর্ণিমা তিথিৰ লগত সংগতি ৰাখি এদিনীয়া কাৰ্যসূচীৰে ৪৮ সংখ্যক ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
সিদিনা পুৱা ৪ ঊষা কীর্তন আৰু ৯ বজাত ভাগৱত শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। দুপৰীয়া ১২ বজাত ভাগৱত স্থাপন, বিয়লি ১ বজাৰ পৰা আয়তীসকলৰ নাম প্ৰসংগ, সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন, ৬ বজাৰ পৰা ভাগৱত পাঠ, ভাগৱত ব্যাখ্যা আৰু ধর্মালোচনা অনুষ্ঠিত হ'ব। ভাগৱত পাঠ কৰিব গাড়ীগাঁৱৰ ধনেশ্বৰ চন্দ্ৰ দাসে আৰু বিশ্লেষক হিচাপে উপস্থিত থাকিব লখিমপুৰৰ নাৰায়ণপুৰৰ ভাগৱত আচার্য চন্দন কোঁৱৰে ।
আনহাতে ভাগৱত অনুষ্ঠানৰ কাৰ্যসূচী সুচাৰুভাবে পৰিচালনা কৰিবলৈ সমাজকর্মী উমেশ চন্দ্ৰ দাসক সভাপতি ,বিমল চন্দ্ৰ পাটোৱাৰীক ৰাইজ মেধি , যতীন দাস আৰু হিতেশ চন্দ্র দাসক সম্পাদক হিচাপে লৈ ভাগৱত অনুষ্ঠান পৰিচালনা সমিতিখন গঠন কৰা হৈছে। সমিতিয়ে সিদিনাৰ ভাগৱত পাঠ অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
No comments