আগছিয়াত চকু চিকিৎসা শিবিৰ অনুষ্ঠিত
গুৱাহাটী ০৬ নবেম্বৰ : আয়ুৰ্বেদিক চিকিৎসা সন্থা, নেচনেল মেডিকোজ অৰ্গেনাজেচন আৰু লায়ন্স ক্লাব, গুৱাহাটীৰ উদ্যোগত তথা বিজেপিৰ বিমানকোঠ মণ্ডলৰ সহযোগত আয়ুৰ্বেদিক আৰু এলোপেথিক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ আজি আগছিয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। সন্মানীয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শিবিৰত আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস, লায়ন্স ক্লাবৰ সভাপতি ৰাজেশ হানচাৰিয়া, প্ৰগ্ৰেম চেয়াৰমেন দীনদয়াল চৌহান সহ: সদস্য বৃন্দ, এন এম অ'ৰ সদস্য তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অধ্যাপক ডাঃ অভিজিৎ চৰকাৰ, ডাঃ ৰশ্মি কুমাৰী সহ চিকিৎসকৰ দল, আগচিয়া ৰাইজৰ সভাপতি কুশল কলিতা, বিমানকোঠ মণ্ডল বিজেপিৰ সভাপতি তীৰ্থ মেধি, জিলা পৰিষদৰ সদস্য কুশল দাস, আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰনৱজ্যোতি বৈশ্য, অধ্যাপক ডাঃ বিমল ডেকা, ডাঃ অনুপ বৈশ্য, ডাঃ হেমেন কলিতা, ডাঃ জেউতি বড়ো, ডাঃ তৃশনা মনী দাস, ডাঃ জ্যোতিৰ্ময় চৌধুৰী, ডাঃ নৱনীতা দাস, ডাঃ বিমান চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ বিশ্বজিৎ দাস, সহ: সম্পাদক ডাঃ কিশোৰ দাস লগতে কনিষ্ঠ চিকিৎসক, ছাত্ৰ ছাত্ৰী, আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ডাঃ জিতেন্দ্ৰ সিঙ, ডাঃ ধীৰেন দাস, ডাঃ মানসী দত্ত, ডাঃ হিৰণ্য বৈশ্য, লায়ন্স ক্লাবৰ চকু বিশেষজ্ঞ দল, ফাৰ্মাচীৎ ধীৰাজ কলিতা, মুকুল কলিতা আৰু পেৰামেডিকেল কৰ্মচাৰী, আশাকৰ্মী আদিকে ধৰি বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।
প্ৰায় ১৯৫ জন ৰোগীক চিকিৎসা প্ৰদান কৰা হয় আৰু ঔষধৰ উপৰি সকলো অভিভাৱক আৰু ৰোগীক দুপৰীয়াৰ আহাৰ, টি ছাৰ্ট, মহিলা সকলক ছেনিটেৰী নেপকিন বিতৰণ কৰা হয়। বিকাশ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত মূখ্য অতিথি হেমন্ত চৌধুৰীয়ে তেওঁৰ ভাষণত জালুকবাৰী সমষ্টিৰ প্ৰতিখন পঞ্চায়তত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। ১৬ জন চকু ৰোগীক লায়ন্স চকু চিকিৎসালয়ত আই অ' এল অস্ত্ৰোপচাৰ কৰা হ'ব। মেগা বিশেষজ্ঞ চিকিৎসা দ্বাৰা ৰাইজ উপকৃত হোৱা বাবে সকলোৱে ভূয়সী প্ৰশংসা কৰে ।

No comments