সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ব্যতিক্ৰমী অটোৰিস্কা সমদল
গুৱাহাটী 0৬ নৱেম্বৰঃ ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুদৰ্শ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত “অটোৰিস্কা চলাওঁ আমি দুয়ো ভাই . . ” শীৰ্ষক অটোৰিক্সা সমদল উলিওৱা হয় ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত লতাশিল খেলপথাৰত অনুষ্ঠিত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই “ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে ” গীতৰ কলি আওৰাই এই ৰেলী মুকলি কৰে।
জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ উপস্থিতিত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস, বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা, সদানন্দ গগৈকে ধৰি ৰাজ্যখনৰ ভালেকেইগৰাকী বৰেণ্য ব্যক্তিৰ উপস্থিতিত উলিওৱা ৰেলীৰ উদেশ্য বাখ্যা কৰি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে ভূপেনদাই বহু অমৰ যাউতিযুগীয়া গীতেৰে জাতিক সমৃদ্ধ কৰাৰ উপৰিও সেই তাহানিতে “অটোৰিস্কা চলাও আমি দুয়োভাই” গীত ৰচনা আৰু পৰিৱেশন কৰি শিক্ষিত নিৱনুৱা যুৱকক নিজৰ শ্ৰমৰ মৰ্যদাৰ প্ৰতি আকৃষ্ট কৰি আজিও অটোৰিস্কাখনকে বহুতৰ জীৱন-জীৱিকাৰ সম্বল কৰি ৰখাৰ যি ব্যবস্থা কৰি গ’ল তাৰ প্ৰতি কৃতজ্ঞতা আৰু সশ্ৰদ্ধ স্মৰন কৰাৰ উদেশ্যেই এই কাৰ্যসূচী উলিওৱা হয়। অনুষ্ঠানৰ শেষত সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকাই “অটোৰিক্সা চলাও আমি দুয়োভাই গীতটি পৰিৱেশন কৰি সকলোকে আকৃষ্ট কৰে।

No comments