বিশেষ ভাবে সক্ষম "পূৰ্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰ্চন উইথ ডিছেবিলিটিছৰ " ছাত্ৰ ছাত্ৰী সকলৰ নবাগত আদৰণি সভা লগতে দিব্যাংগ জ্যোতি আলোচনী উন্মোচন।
গুৱাহাটী ৩ নৱেম্বৰ - উজানবজাৰত অৱস্থিত ছাত্ৰ সন্থা কাৰ্যালয়ৰ "শ্বহীদ ন্যাস" ভৱনত "ভিশন সানরাইস এন জি ও " উদ্যোগত প্ৰতিষ্ঠা কৰা " পূর্বোত্তৰ ইনস্টিটিউট ফৰ পারসন উইট ডিসবিলিটিএস" ইনস্টিটিউটৰ নবাগত ছাত্ৰ ছাত্ৰীৰ আদৰণি অনুষ্ঠানৰ লগতে ইনষ্টিটিউটৰ প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্য্যসূচিৰ লগতে "দিব্যাংগ জোতি" নামৰ দ্বি বাৰ্ষিক আলোচনী প্ৰকাশ কৰে,আলোচনী খন উন্মোচন কৰে পদ্মশ্ৰী ড৹ সূৰ্য কান্ত হাজৰিকাদেৱে । আলোচনী খনৰ সমগ্ৰ পৰিকল্পনা তথা তত্বাবধানৰ দায়িত্ব বহন কৰে সমাজ সেৱিকা কল্পনা ৰাজকুমাৰে।
অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলৰ ভিতৰত প্ৰাক্তন আয়ুক্ত ঘৰফলীয়া মহাশয়, মিন্টু ভট্টাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাধাগ্ৰস্ত অধ্যয়ন বিভাগৰ অধ্যাপক,গীতিকাৰ তথা সমাজ সেৱিকা মঞ্জুলা বাইদেউ, আকাশ চনী sign language ৰ প্ৰশিক্ষক (আই এস এল ,সি আর সি), সমাজ সেৱক অজয় পদ্দাৰ তেখেত সকলৰ বিভিন্ন গঠন মূলক বক্তৃতাৰে ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে।
বিভিন্ন অনুস্থানৰ পৰা অহা বিশিষ্ট গণ্য মান্য ব্যক্তিসকলৰ উপস্থিতিত,ছাত্ৰ ছাত্ৰী সকলে সুন্দৰ নৃত্য গীত পৰিৱেশন কৰি সকলোকে অভিভূত কৰে ।
আৰম্ভণিতে ভিচন চানৰাইজৰ সদস্য বৃন্দই সভাখনৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ উপৰিও প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মোখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনায় । নবাগত আদৰণী সভা খন সভাপতিত্ব কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন প্ৰফেচাৰ ৰীতা চৌধুৰী আৰু মুকলি সভাৰ সভাপতিৰ আসন শুৱনি কৰে ডাক্তৰ ধনেশ্বৰ কলিতা , মহাবিদ্যালয়ৰ শিক্ষয়ত্ৰী চিন্ময়ী ডেকা ,অৰিজিতা শৰ্মা দুভাষীত জুৰী কলিতাই সভাখন সুন্দৰ কৈ আতঁ ধৰে ।
পূৰ্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰ্চন উইথ ডিছেবিলিটিছৰ অধক্ষ্য শ্ৰীযুত জ্যোতিপ্ৰসাদ চহৰীয়াই সভাৰ উদ্দেশ্য বাখ্যা আৰু শলাগৰ শৰাই আগবঢ়াই সফলতাৰে সভাখন সুন্দৰ কৈ উদযাপন কৰা হয়।




No comments