"ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ… শ্ৰমিকসকল": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ডিব্ৰুগড়, ২৩ নৱেম্বৰ: আজি মহান চাহ শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্ন'দেৱৰ পুণ্য জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আয়োজিত 'শ্ৰমিক কল্যাণ দিৱস'ৰ বৰ্ণাঢ্য কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।
চাহ বাগিচা অঞ্চলৰ শিক্ষা, চিকিৎসা, চাহ শ্ৰমিকৰ কল্যাণ, আন্তঃগাঁথনি আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তি তথা প্ৰতিষ্ঠানক আজিৰ অনুষ্ঠানত সোণোৱালে সম্বৰ্ধনা জ্ঞাপন কৰি চেক বিতৰণ কৰে। তদুপৰি, অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনত বিভিন্ন ব্যক্তিক কল্যাণমূলক আৰ্থিক অনুদান প্ৰদান কৰে। শ্ৰমিকসকলৰ সুবিধাৰ্থে নিৰ্মাণ সখী পদক্ষেপৰ অধীনত বিনামূলীয়া চি এছ চি সক্ষম পঞ্জীয়ন, নবীকৰণ আৰু অনবৰ্ডিং সেৱাৰ ৰূপায়ণ আদিও মুকলি কৰে সোণোৱালে।
অনুষ্ঠানটিত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রী- প্রশান্ত ফুকন, বিমল বড়া, শ্ৰী ৰূপেশ গোৱালা, সাংসদ প্ৰদান বৰুৱা, বিধায়কসকল- সঞ্জয় কিষাণ, পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, তেৰছ গোৱালা, সুৰেন ফুকন, চক্ৰধৰ গগৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, অসম পেট্ৰ'কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়াসকল।
সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, "সন্তোষ কুমাৰ তপ্ন'দেৱ অসমৰ চাহ বাগিচা সমাজৰ এগৰাকী উল্লেখযোগ্য সমাজকৰ্মী, শ্ৰমিক নেতা আৰু শিক্ষাবিদ। তেওঁ চাহ বাগিচাৰ শ্রমিক সমাজ, বিশেষকৈ চাহ জনজাতিৰ সমস্যাবোৰক ৰাজহুৱা চিন্তাধাৰাত আনি সমাজ সংস্কাৰৰ দিশত মূল্যৱান অৱদান আগবঢ়াইছিল। তেওঁ অসহায় আৰু বঞ্চিত জনগোষ্ঠীৰ বাবে সহানুভূতিশীল আছিল। পৰিশ্ৰমী শ্ৰমিকৰ জীৱনৰ কঠিন মান দেখি তেওঁ সমাজৰ বাবে নিষ্ঠাৰে কাম কৰাৰ সংকল্প লৈছিল। সন্তোষ কুমাৰ তপ্ন'দেৱে চাহ বাগিচাৰ বিভিন্ন অঞ্চলত শ্ৰমিক কল্যাণমূলক আন্দোলন, সংগঠন আৰু সামাজিক সচেতনতা বৃদ্ধিৰ কাৰ্যসূচীত অগ্ৰণী ভূমিকা লৈছিল।
তেওঁৰ মুখ্য অৱদান আছিল - চাহ-বাগিচা অঞ্চলত শিক্ষাৰ প্ৰসাৰ ঘটোৱা আৰু চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ অধিকাৰ নিশ্চিত কৰিবলৈ বহু প্ৰচেষ্টা হাতত লোৱা। চাহ-জনজাতি সমাজক সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে সুসংগঠিত কৰি আগবঢ়োৱা তেখেতৰ অৰিহণা স্মৰণীয় হৈ থাকিব। যিটো জাতিয়ে শ্ৰমিকক মৰ্যাদা দিব নাজানে, সেই জাতি কেতিয়াও সবল হ'ব নোৱাৰে৷ যিখন সমাজত শ্ৰমিকৰ সন্মান নাই, সেইখন সমাজ সুস্থ সমাজ হ'ব নোৱাৰে৷ যিখন চৰকাৰে শ্ৰমিকক আৰ্থ-সামাজিক নিৰাপত্তা দিবলৈ অসমৰ্থ, সেইখন চৰকাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ বাটত বাৰে বাৰে উজুটি খোৱাটো নিশ্চিত৷ কংগ্ৰেছ চৰকাৰে শ্ৰমিকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল, কিন্তু তেওঁলোকৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কোনোধৰণৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা নাছিল।
স্বাধীনতাৰ দশকৰ পাছত দশক ধৰি যিবোৰ চৰকাৰে শ্ৰমিকক কেৱল ১ মে’ৰ দিনাহে মনত পেলাইছিল, সেইবোৰ চৰকাৰে ৰাষ্ট্ৰ নিৰ্মাণত ব্যৰ্থ হোৱাটো স্বাভাৱিক৷ এসময়ত শ্ৰমিকৰ কল্যাণ, গৰীৱী হাটাও কেৱল ৰাজনৈতিক শ্লোগানতে সীমাবদ্ধ থকাটো দেশৰ জনতাই প্ৰত্যক্ষ কৰিছিল৷ আৰু সেয়ে সেইবোৰ চৰকাৰক শ্ৰমিকে প্ৰত্যাখ্যান কৰিছে৷ তাৰ বিপৰীতে যেতিয়াৰপৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লৈছে, ৰাইজে এক আমূল পৰিৱৰ্তন দেখিছে৷ 'সবকা সাথ, সবকা বিকাশ'ক মাথোঁ এটি ৰাজনৈতিক শ্লোগান হৈ নাথাকিবলৈ দিয়া নাই তেখেতে৷ শ্ৰমিকক আৰ্থ-সামাজিক নিৰাপত্তা দিবলৈ লাগে সঠিক নীতি আৰু সদিচ্ছা৷ চৰকাৰী-বেচৰকাৰী শ্ৰমিক হওক বা চাহ বাগান বা দিনটো পথাৰত মজুৰি কৰা, খাটি খোৱা মানুহবোৰে হওক— সকলোৰে বাবে যোৱা এঘাৰ বছৰত মোদী চৰকাৰে যিখিনি সা-সুবিধা, আঁচনি আৰু সহযোগিতা আগবঢ়াইছে, তাৰ ফলত ৰাইজৰ বিশ্বাস জিকিবলৈ সক্ষম হৈছে আমাৰ চৰকাৰে৷
আজি এজন শ্ৰমিকৰ গৰ্ভৱতী পত্নী বা নৱজাত শিশুৱে উন্নত চিকিৎসা পাইছে, ঘৰ পাইছে, ৰন্ধন গেছ, সূলভ মূল্যত অন্ন, শিক্ষা, বাট-পথ, আৰ্থিক সাহায্য পাবলৈ সক্ষম হৈছে৷ মোদী ডাঙৰীয়াই অনুধাৱন কৰিছিল যে ভাৰতে যুঁজিব লাগিব নিজৰ দুৰ্বলতাৰ লগত৷ সেয়ে তেখেতে অহৰ্নিশে চেষ্টা চলাই গৈছে ভাৰতক আত্মনিৰ্ভৰশীল কৰিবলৈ, শ্ৰমিকক সবল কৰিবলৈ, ৰপ্তানি বৃদ্ধি কৰিবলৈ, দেশৰ সুৰক্ষাৰ বাবে এক ৰক্ষাকৱচ সাজু কৰিবলৈ৷ আজি আমাৰ শ্ৰমিকে জাহাজ নিজে নিৰ্মাণ আৰু মেৰামতি কৰে, নিজৰ বস্তু-সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ নিজেই নিৰ্মাণ কৰি বিদেশলৈ ৰপ্তানি কৰে৷ যেতিয়া কোনো দেশে অতিৰিক্ত শুল্ক লগোৱাৰ ভাবুকি দিয়ে, বিভিন্ন দেশত হাহাকাৰ সৃষ্টি হয়। কিন্তু ভাৰতবৰ্ষ শান্ত হৈ থাকে৷ আজি আমি কোনো দেশৰ ৰঙা চকুলৈ কেৰেপ নকৰোঁ, কাৰো ওচৰত শিৰনত নকৰোঁ৷ যোৱা এঘাৰ বছৰত এই ৰক্ষাকৱচ আমাক দিবলৈ সক্ষম হোৱাৰ মূলতে আছে মোদী ডাঙৰীয়াৰ সদিচ্ছা, যোগ্যতা আৰু দূৰদৰ্শিতা৷"
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, "ছাদ্ৰী ভাষাটো মোৰ অত্যন্ত প্ৰিয় ভাষা। এই ভাষাত বাৰ্তালাপ কৰা লোকসকলৰ মাজত মই ডাঙৰ-দীঘল হৈছোঁ। অকল মই বুলিয়েই নহয়, ইয়াৰ অন্যান্য বিধায়ক, সাংসদসকলেও আমাৰ চাহ জনগোষ্ঠীয় তথা আদিবাসী ভাই-বন্ধুসকলৰ মাজত ডাঙৰ-দীঘল হৈছে। আমাৰ ল'ৰালিৰ স্মৃতিসমূহ বৰ মধুৰ। এই স্মৃতিসমূহে আমাক জীয়াই থাকিবলৈ প্ৰয়োজনীয় হোৱা মানৱীয় অনুভূতি প্ৰদান কৰে। আজি শ্ৰমিক কল্যাণ দিৱসৰ শুভক্ষণত মই পৰম শ্ৰদ্ধাৰ সন্তোষ কুমাৰ তপ্ন'দেৱক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো।
লগতে মোৰ মৰমৰ চাহ শ্ৰমিক ভাই-ভনীসকলৰ সৰ্বাংগীণ উত্তৰণ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। আজিৰ দিনটো আমাৰ বাবে বৰ বিশেষ। আমাৰ উঠি অহা প্ৰজন্মই আজিৰ দিনটোৰ তাৎপৰ্য ভালদৰে উপলব্ধি কৰিব লাগিব। আমিও শ্ৰমিকসকলৰ উন্নতিৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ। কাৰণ শ্ৰমিকসকলৰ কল্যাণ অবিহনে দেশৰ উন্নতি কল্পনা কৰিব নোৱাৰি। এটা জাতিৰ মেৰুদণ্ড হৈছে শ্ৰমিক, এখন সমাজৰ চালিকাশক্তি হৈছে শ্ৰমিক, এখন ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ হৈছে শ্ৰমিক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে। ইয়াৰ বাবে দেশৰ শ্ৰমিকসকলক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 'সবকা সাথ, সবকা বিকাশ" নীতিৰে শ্ৰমিকসকলক আগবঢ়াই লৈ গৈছে। আজি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হৈছে।
দেশৰ শ্ৰমিকসকলৰ সশক্তিকৰণ নকৰিলে এই যাত্ৰা সম্ভৱ নহ'লহেঁতেন। শ্ৰমিক পৰিয়ালসমূহৰ বিভিন্ন প্ৰয়োজনৰ কথা লক্ষ্য ৰাখি বিভিন্ন আঁচনিৰ প্ৰণয়ন কৰা হৈছে। ৰাজ্য চৰকাৰৰ আঁচনিসমূহেও শ্ৰমিকসকলক যথেষ্ট সহায় কৰিছে। ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া আদি আঁচনিসমূহ প্ৰথমতে মানুহে শ্লোগান বুলি ভাবিছিল। কিন্তু যোৱা এঘাৰ বছৰত ইয়াৰ ফলপ্ৰসূতা দেখি ৰাইজে এই আঁচনিসমূহৰ লাভ পাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ জৰিয়তে প্ৰায় ৬০ কোটি মানুহে নিজৰ বেংক একাউণ্ট খুলিবলৈ সক্ষম হ'ল। আমাৰ চাহ শ্ৰমিকসকলৰো প্ৰায় ৭.৫ লাখ মানুহে বেংক একাউণ্ট খুলিবলৈ সক্ষম হৈছে। অসমৰ ঐতিহ্যমণ্ডিত চাহ উদ্যোটোৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্য চৰকাৰে 'এটি কলি দুটি পাত' নামেৰে অভিনৱ কাৰ্যসূচী হাতত লৈছে, যাৰ জৰিয়তে প্ৰতিজন চাহ শ্ৰমিকৰ বেংক একাউণ্টত এককালীনভাৱে ৫,০০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
আগতে চাহ শ্ৰমিকৰ একো সুবিধা নাছিল, কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰা সকলো শ্ৰমিকে ঘৰত বিশুদ্ধ খোৱা পানী পাইছে, যাতায়াতৰ বাবে ভাল ৰাস্তা নিৰ্মাণ কৰা হৈছে, বিজুলীবাতিৰ ব্যৱস্থা কৰা হৈছে, ৰোগীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়, শ্ৰমিকৰ ল'ৰা-ছোৱালীৰ কাৰণে আদৰ্শ স্কুল নিৰ্মাণ কৰা হৈছে।
দেশৰ ২৫ কোটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ জীৱন ধাৰণ এতিয়া স্বচ্ছল হ'ল। শ্ৰমিকৰ ল'ৰা-ছোৱালীয়ে এতিয়া শৈক্ষিক দিশত উৎকৰ্ষ সাধনৰ জৰিয়তে অধ্যয়ন কৰি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনিৰ মুখ্য উদ্দেশ্যটো হৈছে দৰিদ্ৰ লোকক কেনেদৰে শক্তিশালী কৰিব পাৰি। অসমৰ চাহপাতত সোমাই আছে আমাৰ শ্ৰমিকসকলৰ কপালৰ ঘাম আৰু কঠোৰ পৰিশ্ৰম। মই আজি ইয়াৰ পৰাই চাহ কোম্পানী সকলোলৈকে এটা আগ্ৰহ প্ৰকাশ কৰোঁ যে- আপোনালোকে চাহৰ পৰা আৰু কি কি আন বস্তু উৎপাদন কৰিব পাৰি, তাৰ প্ৰচেষ্টা ল'ব লাগে। তেতিয়া এই উদ্যোগটোৰ গুৰুত্ব বিশ্বৰ বুকুত আৰু অধিক বৃদ্ধি পাব।"



No comments