গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
গুৱাহাটী, নৱেম্বৰ ১৭: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ প্ৰতি শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদন কৰাৰ অৰ্থে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত ১৭ নৱেম্বৰ তাৰিখে 'সাংবাদিকৰ সৈতে এটি গধূলি' শীৰ্ষক এক অভিনন্দন তথা অন্তৰঙ্গ বাৰ্তালাপ অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক কন্দৰ্প শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপাচাৰ্যৰ সচিব ও জনসম্পৰ্কৰক্ষী বিষয়া ড⁰ মৃণাল জ্যোতি ডেকা, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড⁰ চন্দন কুমাৰ গোস্বামী সমন্বিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয়বস্ত 'বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান'ক আধাৰ হিচাপে লৈ আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাই পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উল্লেখ কৰে যে, "স্বাধীন, দায়িত্বশীল আৰু ন্যায়নিষ্ঠ সংবাদমাধ্যম গণতন্ত্ৰৰ মূল আধাৰ। সত্যৰ সন্ধানত সাংবাদিকসকলৰ অধ্যৱসায়, সততা আৰু নিৰ্ভীকতাই দেশ গঠনত অমূল্য অৱদান আগবঢ়াই আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পক্ষৰ পৰা আমি সকলো সাংবাদিকক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি আগলৈও সত্য আৰু জনস্বাৰ্থৰ সুৰক্ষাৰ দিশত কাম কৰি যাব বুলি আশাবাদী।"
উক্ত অনুষ্ঠানত উপস্থিত থকা প্ৰিণ্ট আৰু ডিজিটেল বিভিন্ন সংবাদ মাধ্যমৰ শ্ৰদ্ধাৰ কৰ্মীসকলক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা গছপুলি আৰু স্মাৰকৰে সম্বৰ্ধনা জনোৱা হয়।

No comments