Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসমৰ ডনবস্ক' বিশ্ববিদ্যালয়ৰ উদ্যোগত 'মেক-এ-খন ২০২৫' প্ৰতিযোগিতা সম্পন্ন


 
গুৱাহাটী  , ১৭ নৱেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসমৰ ডনবস্ক' বিশ্ববিদ্যালয়  চৌহদত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ IoT ক্লাব আৰু ADBU Build ক্লাবৰ যৌথ উদ্যোগত ২৪ ঘণ্টীয়া ইনোভেশ্যন আৰু ক'ডিং মাৰাথন 'মেক-এ-খন ২০২৫'  এক প্ৰতিযোগিতা  ১৩ আৰু ১৪ নৱেম্বৰত অনুষ্ঠিত হয়। ১৩ নৱেম্বৰ দিনা স্কুল অৱ টেকন'লজীৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাই 'মেক-এ-থন ২০২৫' উদ্বোধন কৰা অনুষ্ঠানটোত উপস্থিত থাকে অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ উপাচার্য ফাডাৰ জ’চ পেলেলি, সম উপাচাৰ্য্য ফাডাৰ যোচেফ নেল্লানাট আৰু এছ টি পি আই গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক মধুৰ্য্য প্ৰকাশ বৰুৱা। 


 

অসমৰ ১২খন বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা মুঠ ১৭টা দলে 'মেক-এ-খন ২০২৫'ত অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰী সকলে  ৰাষ্ট্ৰসংঘৰ এছডিজি ৩, ৯, ১১, আৰু ১৩ৰ সৈতে সংগতি ৰাখি খাপ খোৱা পাঁচটা মূল বিষয়-কৃষি প্রযুক্তি আৰু গ্ৰাম্য অৱিষ্কাৰ, স্মার্ট স্বাস্থ্য সেৱা, সেউজ শক্তি আৰু স্থায়িত্ব, বিপদজনক ব্যৱস্থাপনা আৰু জলবায়ু কাৰ্য্য, আৰু মুক্ত উদ্ভাৱন সমাধানসমূহ বিকাশ কৰে । কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ ৰূপেশ মণ্ডল আৰু ডঃ নুপুৰ চৌধাৰী (CSE), লগতে ইলেক্ট্রিকেল আৰু ইলেক্ট্রনিক্স ইঞ্জিনিয়াৰিং বিভাগৰ ডঃ গীতু দাস আৰু ডঃ জ্যোতি কুমাৰ বৰ্মন 'মেক-এ-থন ২০২৫'ৰ সমন্বয়ক আছিল। সামৰণি  অনুষ্ঠানত এছ টি পি আই গুৱাহাটীৰ আশীষ শৰ্মা উপস্থিত আছিল  । প্ৰতিযোগিতাত  অসম ডনবস্ক' বিশ্ববিদ্যালয়ে প্রথম আৰু দ্বিতীয় স্থান আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে।

No comments

Powered by Blogger.