Friday, October 17, 2025

জুবিন গাৰ্গ সন্দৰ্ভত : আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিবলৈ আহ্বান সদৌ অসম উকীল সন্থাৰ। : বাক্সাৰ ঘটনাক গৰিহণা।




 গুৱাহাটী , ১৭ অক্টোবৰ:  ভাৰতবৰ্ষ বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দ্বাৰাই ইয়াৰ শাসন প্রণালী ভাৰতীয় সংবিধানে নিয়ন্ত্ৰণ কৰি আহিছে। শেহতীয়াভাৱে হিয়াৰ আমঠু জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমাজ জীৱন দুখৰ ডাৱৰে আবৰি ধৰিছে। বিদেশী ৰাষ্ট্ৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত জড়িত ব্যক্তিসকলৰ উচিত তদন্তৰ মাজেৰে উপযুক্ত শাস্তি প্রদান কৰিবলৈ অভিযোগ মর্মে অসম চৰকাৰে অতি তৎপৰতাৰে SIT গঠন কৰি তদন্ত আৰম্ভ কৰিছে আৰু কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। 

এই 'তদন্ত নিৰপেক্ষ নহ'লে আৰু বাহিৰা শক্তিৰ প্ৰভাৱ পৰিলে দোষী ব্যক্তি সাৰি যোৱাৰ বহুতো অৱকাশ আছে। ইতিমধ্যে এই ক্ষেত্রত উচ্চতম ন্যায়ালয়ে কেইবাটাও গোচৰ কঠোৰ নীৰিক্ষণ দিছে। জুবিন প্ৰেমী ৰাইজ সংযম, আবেগ আৰু বিবেকৰ সংমিশ্রণত ধৈৰ্য্য সহকাৰে আগবাঢ়িলেহে জনতাৰ শিল্পী জুবিন গার্গে ন্যায় পাব বুলি সদৌ অসম উকীল সন্থাই বিশ্বাস কৰে। ইতিমধ্যে আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত ন্যায়িক জিম্মাৰ বাবে বাক্সাৰ জিলা কাৰাগাৰলৈ অভিযুক্তক প্ৰেৰণ কৰোঁতে কাৰাগাৰৰ সন্মুখত যি হিংসাত্মক ঘটনা সংঘটিত হ'ল ই দুর্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। 

জুবিন আবেগৰ জোৱাৰৰ আৰ লৈ তৃতীয় শক্তিয়ে এই কার্য্য সংঘটিত কৰিছে নেকি বুলি আমাৰ মনত প্রশ্ন জাগিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত শিলা বৃষ্টি, সংবাদ মাধ্যমৰ কেমেৰা কাঢ়ি নিয়া, গাড়ী জ্বলাই দিয়া কেতিয়াও জুবিন দর্শন হ'ব নোৱাৰে। পুলিচ, সাংবাদিকৰ লগতে সাধাৰণ জনতাইও জনতা শিল্পী জুবিন গাৰ্গৰ মৃত্যুত চকুৰ বন্যা বোৱাইছে। এতেকে বাক্সাৰ অবাঞ্চিত ঘটনা প্রকৃত জুবিন প্ৰেমীৰ বাবে দুভার্গ্যজনকেই নহয় ই এক হতাশাপূর্ণ অৱস্থা। যাতে কোনো ৰাজনীতিকে তেওঁলোকৰ লেতেৰা হাতোৰাৰে জুবিন গাৰ্গৰ আবেগৰ ঢৌৰ আঁৰ লৈ নিজৰ ঈপ্সিত ৰাজনৈতিক আকাংক্ষা পূৰণ কৰিব নোৱাৰে তাৰ বাবে সকলো পক্ষকে সদাজাগ্রত হ'বলৈ সদৌ অসম উকীল সন্থাৰ সভাপতি  শৈলেন্দ্র দাস আৰু সাধাৰণ সম্পাদক  দীপক কুমাৰ দাসে এক প্রেছ বিবৃতি যোগে আহ্বান জনায়।
 

No comments:

Post a Comment