Friday, October 17, 2025

ছাটাৰগাঁৱৰ জীৱিকা আশ্ৰমত কৃষকৰ মাজত চবজী কলাৰ বিতৰণ


 
গুৱাহাটী ,১৭ অক্টোবৰ : বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা তথা মাছৰূম খেতি কৰি কৃষকে  যাতে আৰ্থিক ভাবে স্বাৱলম্বী হব পাৰে তাৰ বাবে ১৯৯৪ চনৰ পৰা কাম কৰি অহা গুৱাহাটীৰ মাছৰূম ডেভলপমেণ্ট ফাউণ্ডেশ্যনে শেহতীয়াকৈ কৃষকৰ কৃষিজাত সামগ্ৰী সংৰক্ষণ আৰু বিক্ৰীৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাণীগেটৰ পৰা কিছু নিলগৰ ছাটাৰগাওঁ পথত থকা জীৱিকা আশ্ৰমত ১৪ অক্টোবৰত  মাছৰুম ডেভেলপমেন্ট ফাউণ্ডেশ্যনে ৰুকাৰ্টৰ আৰু আই আই টি বম্বেৰ সহযোগত জীৱিকা আশ্ৰম ৰাণীত ৰাজপথৰ বিক্রেতাসকলৰ বাবে বিনামূলীয়া চবজী কুলাৰ   বিতৰণ কৰে। 

 এই পদক্ষেপৰ লক্ষ্য হৈছে স্থানীয় বিক্রেতাসকলক শাক-পাচলি অধিক সময়ৰ বাবে সংৰক্ষণ কৰা, অপচয় হ্রাস কৰা, আৰু তেওঁলোকৰ দৈনন্দিন আয় উন্নত কৰাত সহায় কৰা। এই চবজি কুলাৰ হৈছে বিদ্যুৎ অবিহনে শাক-পাচলি আৰু ফল-মূলক অধিক সময়ৰ বাবে সতেজ কৰি ৰাখিবলৈ বিশেষভাৱে ডিজাইন কৰা হৈছে। ইয়াৰ দ্বাৰা তেওঁলোকে বিক্রী নোহোৱা শাক-পাচলিবোৰ  ৩ ৰ পৰা ৭ দিনলৈ সংৰক্ষণ কৰিব পাৰিব। আনহাতে এই উপলক্ষে  মাছৰূম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰুৱাৰ উদ্দ্যেশ্য বাখ্যাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত  ৰামচাৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰী, এ এছ আৰ এল এম এছৰ প্ৰকল্প প্ৰবন্ধক গুণোজিৰ ঠাকুৰীয়া  , নেৰিমৰ ফেকাল্টি  সুগতা হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চবজী কুলাৰ বিতৰণ কৰে।

No comments:

Post a Comment