Saturday, October 18, 2025

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবৰ্ষ: সংঘ সাধনাৰ এক অৱিৰত যাত্ৰা, দেশগঠনৰ পবিত্ৰ শপথেৰে আগুয়াই চলা শতাব্দী

 

প্ৰস্তাৱনা

১৯২৫ চনৰ বিজয়া দশমীৰ পবিত্ৰ সময়ত  নাগপুৰ শহৰত যাত্ৰা আৰম্ভ কৰিছিল এটা সংগঠন—ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (RSS)। আজি, এক শতাব্দীৰ অন্তৰালত, এই সংগঠনে নিজৰ শতবৰ্ষ উদযাপন কৰি আছে। ডাঃ কেশৱ বলিৰাম হেডগেওৱাৰৰ দূৰদৰ্শী চিন্তাধাৰাৰ পৰা জন্ম লোৱা এই সংগঠনে ভাৰতীয় সমাজ, সংস্কৃতি আৰু ৰাষ্ট্ৰীয় জীৱনৰ প্ৰায় সকলো স্তৰেই গভীৰ ছাপ পেলাবলৈ সক্ষম হৈছে। শৃংখলা, চৰিত্ৰ গঠন, দেশভক্তি, আত্মনিয়ন্ত্রণ এবং সমাজসেৱাৰ আধাৰত সংঘ  নিজৰ যাত্ৰা অবিৰত ৰাখিছে।

সংঘৰ জন্ম আৰু উদ্দেশ্য

ডাঃ হেডগেওৱাৰ এজন স্বাধীনতা সংগ্রামী এবং দেশপ্ৰেমিক আছিল। তেওঁৰ বিশ্বাস আছিল যে স্বাধীনতাৰ সত্য অৰ্থ হ’ল জাতীৰ নৈতিক ও সাংস্কৃতিক পুনৰুজ্জীৱন। এই উদ্দেশ্যে ১৯২৫ চনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ স্থাপনা  ।সংঘৰ মূল উদ্দেশ্য হৈছে জাতি গঠন, চৰিত্ৰ গঠন, শৃংখলা ও  স্ব-সেৱাৰ মাধ্যমেৰে সমাজৰ একতা স্থাপন কৰা। দৈনিক "শাখা" কাৰ্যকলাপৰ দ্বাৰা সংঘেই শাৰীৰিক অনুশীলন, নৈতিক শিক্ষা আৰু দেশভক্তিৰ বীজ ৰূপন কৰি আহিছে।


সংঘৰ কৰ্মধাৰা আৰু উৎসৱসমূহ

সংঘত বছৰি ছয়টা গুৰুত্বপূর্ণ উৎসৱ পালন কৰা হয় — হিন্দু সাম্ৰাজ্য দিৱস, ৰাখী পূৰ্ণিমা, গুৰু পূৰ্ণিমা, বৰ্ষ প্ৰতিপদা, বিজয়া দশমী আৰু মকৰসংক্রান্তি। প্ৰত্যেক শাখাত সংঘৰ স্বয়ং সেৱকসকলে এই উৎসৱসমূহৰ মাধ্যমেৰে সমাজ, সংস্কৃতি আৰু ধৰ্মীয় একতাৰ বাণী প্ৰসাৰিত কৰে।


সংঘৰ ঐতিহাসিক যাত্ৰা

স্বাধীনতা পূৰ্ব যুগ (১৯২৫–১৯৪৭):

সংঘই যুব সমাজৰ মাজত শৃংখলা আৰু দেশভক্তি সঞ্চাৰ কৰিছিল। সেয়া কোনো ৰাজনৈতিক সংগঠন নহয়, কিন্তু আত্মিক ৰাষ্ট্ৰীয়তাৰ বীজ ৰূপন কৰিছিল।

স্বাধীনতাৰ পিছত (১৯৪৭–১৯৭৫):

ৰাজনৈতিক বাধা-বিঘ্নিৰ মাজতো সংঘয়েই নিজৰ কাম অব্যাহত ৰাখিছিল। যুদ্ধ, দুর্যোগ বা বিপৰ্যয়ৰ সময়ত সংঘৰ স্বয়ংসেৱকে আগভাগত থাকি সমাজসেৱা কৰি আহিছে।

এমাৰ্জেন্সীৰ সময় (১৯৭৫–১৯৭৭):

গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত সংঘয়েই আগবঢ়াইছিল, লগতে বহু স্বয়ংসেৱকে কাৰাবাস ভোগ কৰিছিল।

আধুনিক যুগ (১৯৯০–২০২৫):

শিক্ষা, স্বাস্থ্য, নাৰিকল্যাণ, উপজাতি উন্নয়ন, ডিজিটেল জ্ঞান লগতে বৈদেশিক সাংস্কৃতিক সংযোগৰ ক্ষেত্ৰত সংঘয়েই অসামান্য অবদান আগবঢ়াইছে। বৰ্তমানে দেশজুৰি ৫০,০০০ৰো অধিক শাখা এবং হাজাৰ হাজাৰ সমাজসেৱামূলক প্রকল্পৰ মাধ্যমেৰে সংঘ আত্মনিৰ্ভৰ ও ঐক্যবদ্ধ ভাৰতত গঠনৰ স্বপ্নত আগবঢ়াইছে।

 ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এশ বছৰীয়া গৌৰৱোজ্জল জয়ন্তীত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ অভিনন্দন বাৰ্তা:

নীতা দেৱী 

প্ৰান্ত প্ৰচাৰিকা, উত্তৰ অসম প্ৰান্ত
  অখিল ভাৰতীয় সহ সম্পৰ্ক প্ৰমুখ
   ৰাষ্ট্ৰ সেৱিকা সমিতি


ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰীয়া সেৱাৰ অবিৰত প্ৰবাহত নিজকে উৎসৰ্গা কৰা ভাৰত মাতৃৰ পুত্ৰসকলক শ্ৰদ্ধাঞ্জলি জনাইছো। যিসমূহ পৰিয়ালে মাতৃ গংগাৰ দৰে এই ধাৰাটো প্ৰবাহমান কৰি সকলোকে ভাৰত মাতৃৰ সেৱাত নিজৰ হৃদয় উচৰ্গা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, তেওঁলোকক প্ৰণাম জনাইছো। 

 শতবৰ্ষৰ শুভ মূহুৰ্ত উপলক্ষে সমগ্ৰ দেশতে মহানগৰ আৰু খণ্ড পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সংঘই সামাজিক পৰিৱৰ্তনৰ বাবে পঞ্চ পৰিৱৰ্তনৰ বাৰ্তা প্ৰতি ঘৰে ঘৰে লৈ যোৱাৰ এক অনন্য পৰিকল্পনা কৰিছে। এই উপলক্ষে সংঘৰ সকলো স্বয়ংসেৱকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

 

পখিলা বড়ো

ৰাষ্ট্ৰ সেৱিকা সমিতি।

 অখিল ভাৰতীয় সহ শাৰীৰিক প্ৰমুখ ।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ১০০বছৰ:

১৯২৫ বিজয়া দশমী, মহাৰাষ্ট্র নাগপুৰত এটা শাখাৰ পরা আৰম্ভ হয়। ডঃ কেশৱ বলিৰাম হেডগেৱাৰজির এই আধাৰ শিলাৰ স্থাপনা কৰিছিল।

 ভারতবর্ষত ব্যাক্তি ব্যক্তিৰ মাজত সংস্কাৰৰ মাধ্যমে যে ব্যাপকতা কৰি তোলে। সম্পূর্ণ বিশ্বৰ বাবে এক প্রেরনাদায়ক ।সংঘ কাৰ্যৰত হৈ আছে।ঋষি ঋষিকা সকলৰ স্মরণীয় হৈ আছে। বীর -বীৰাঙ্গনা ,সাহিত্যিক, মহামুনি মহাপুরুষ সকলৰ নামগুন প্রসঙ্গ আদি সংরক্ষণ তথা সুরক্ষিত ।জাতি-ধর্মসমুদায় ইত্যাদি সম্পূর্ণ ৰাষ্ট্র এক সূত্রেৰে বান্ধোন কৰি পরম বৈভৱ ভারত নির্মাণ পরিণত হৈছে।

বিরোধিতা, সংঘর্ষ ,প্রতিবদ্ধ ,প্রতিবন্ধ  বলিদান হত্যা হিংসাৰ বলি হ'ল তথাপিও পৰম বৈভৱ তুমে ত্বস্বৰাষ্ট্ৰঙ্গ" সংঘ কাৰ্য আগবাঢ়ি থাকিল। সংঘ কার্য কেবল আরম্ভ নহয় -পৰম পূজ্য ডঃ হেডগেৱাৰজিৰ সংকল্প আছিল ভাৰতৰ গৌৰাবশালী অতীত, সংস্কৃতি ইতিহাস বর্তমান সমাজত বোৱাই আনা অর্থাৎ জাগৃত করা।সংঘ এক ঈশ্বৰীয় কাৰ্য।ভাৰতৰ ভূমি,দেৱভূমি হয়,দেৱতাৰ ভূমি,--
মাতাভূমি পুত্ৰহম পৃথিব্য"আমি দেৱতাৰ পুত্ৰ-পুত্ৰীয়া হয়।,

ৰাষ্ট্ৰীয় স্বয়ং  সেৱক সংঘ ই কেৱল শতবৰ্ষ নহয় -ই এক ৰাষ্ট্ৰৰ আধাৰ স্তম্ভ। হিন্দুক হিন্দুত্বৰ প্ৰতিনিধি কৰা।সংঘ কাৰ্য কেৱল সংগঠনৰ কাৰ্য নহয়-ই হৈছে ব্যক্তি নিৰ্মান আৰু ব্যক্তি নিৰ্মান ই ৰাষ্ট্ৰ নিৰ্মাণ।ইয়াকে ঈশ্বৰীয় কাৰ্য বুলিকোৱা হয়।এই কাৰ্য সনাতন কাৰ্য বেদকার্য।তন  মন -ধনেৰে একত্ব হৈ এই শতবৰ্ষত আমি ৰাষ্ট্ৰ সৰ্বোপৰি হওঁ আহক।

 

দীপালী উপাধ্যায়,

 ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ, ৰাষ্ট্ৰ সেৱিকা সমিতি, ঈশাণ্য ক্ষেত্ৰ।

শতিকাজুৰি সমাজ নিৰ্মাণ,সমাজৰ সংগঠন, সংস্কৃতি সংৰক্ষণ আৰু ৰাষ্ট্ৰ জাগৰণৰ প্ৰতি সমৰ্পিত বিশ্বৰ সৰ্ববৃহত স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ‌‌‌ প্ৰতিষ্ঠাৰ ১০০ বছৰ পূৰ্ণ হৈছে । ৰাষ্ট্ৰ হিতৰ বাবে নিৰন্তৰ সেৱা সমৰ্পণ আগবঢ়োৱা প্ৰতিগৰাকী স্বয়ংসেৱক বন্ধুলৈ সংঘ শতাব্দী বৰ্ষৰ হিয়াভৰা শুভকামনা জনালোঁ।সংঘৰ  বিচাৰ প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰহিতৰ লগত জড়িত । ৰাষ্ট্ৰ সৰ্বোপৰি,এই অনুসৰি প্ৰত্যেক কাৰ্যৰ মূল্যাংকন ৰাষ্ট্ৰহিতৰ আধাৰতহে কৰিব লাগে। 

শাখাৰ সংস্কাৰৰ মাধ্যমেৰে ব্যক্তি নিৰ্মাণ আৰু ব্যক্তি নিৰ্মাণৰ জৰিয়তে সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ মহৎ সংকল্পনা সম্মুখত ৰাখি আমাৰ দেশ ভাৰতবৰ্ষক পৰম বৈভৱশালী স্থানত অধিষ্ঠিত কৰাই হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্দেশ্য। ভাৰতবৰ্ষৰ আত্মা হৈছে চিৰন্তন,শাস্বত,সনাতন,বৈদিক সংস্কৃতি ,জীৱন মূল্য আৰু জীৱন দৰ্শন ,যাক আমি হিন্দু সংস্কৃতি বা হিন্দু জীৱন মূল্য বুলি কও-- এই জীৱনমূল্য সমূহৰ সংৰক্ষণ,সংবৰ্ধন আৰু সংবহনৰ কাম সংঘই শতিকাজুৰি কৰি আহিছে।বহ ঘাত-প্ৰতিঘাত,মিছা অপবাদ , সংঘ কাৰ্যত প্ৰতিবন্ধকতাকো নেওচি ৰাষ্ট্ৰৰ প্ৰতি সদা সমৰ্পিত , দায়িত্বশীল, কৰ্তব্যপৰায়ণ, ৰাষ্ট্ৰভক্ত স্বয়ংসেৱক সকলৰ ত্যাগ, কষ্ট আৰু সমৰ্পণৰ ফলত সংঘই আজি গৌৰৱোজ্জল শতাব্দী বৰ্ষ অতিক্ৰম কৰিছে।  

 বৰ্তমান সময়ত সমাজৰ এনেকুৱা এটাও ক্ষেত্ৰ নাই য'ত স্বয়ংসেৱক সকলে কাম কৰা নাই । শিক্ষা, সংস্কাৰ, সেৱা, স্বদেশী , সামাজিক একতা, পৰ্য্যাবৰণ সংৰক্ষণ, কুটুম্ব প্ৰবোধনৰ পৰা লৈ দেশৰ জৰুৰীকালীন পৰিস্থিতি বা প্ৰাকৃতিক দুৰ্যোগৰ সময়তো  নিজৰ ক্ষুদ্ৰ ব্যক্তিগত স্বাৰ্থকো নেওচি ৰাষ্ট্ৰ সেৱাৰ বাবে সদা তৎপৰ স্বয়ংসেৱক সকল।
 

এনেদৰেই আগন্তুক সময়বোৰতো  সংঘই নিৰন্তৰ ৰাষ্ট্ৰহিতৰ কাৰ্যত অগ্ৰসৰ হওক । সংঘৰ উত্তৰোত্তৰ উন্নতি কামনাৰে


পদ্মা দেৱী 

(প্ৰচাৰিকা, ঈশান্য ক্ষেত্ৰ, ক্ষেত্ৰ সহ সম্পৰ্ক প্ৰমুখ)।

 ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ পালন কৰি আহিছে, এনেকুৱা এটা সংগঠনৰ ক্ষুদ্ৰ অংশীদাৰী হ'বলৈ পাই নিজকে গৌৰৱবোধ কৰিছোঁ, ডা: হেডগেৱাৰ জীয়ে ১৯২৫ চনত আৰম্ভ  কৰিছিল , দৈনন্দিন শাখাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ প্ৰতি থকা সেৱাৰ মনোভাৱ, ৰাষ্ট্ৰপ্ৰেম, নিজৰ দেশৰ প্ৰতি থকা স্বাভিমান, হিন্দুত্বৰ বিচাৰধাৰা প্ৰত্যেক ব্যক্তিৰ ভিতৰত লৈ যোৱা কাৰ্য কৰি আহিছে, আমাৰ দেশত বিচলিত হোৱা হিন্দু সমাজক একত্ৰিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে, শতাব্দী বছৰত পঞ্চ পৰিৱৰ্তনৰ মাধ্যমেৰে স্ব-সংকৃতি-স্বদেশী, নাগৰিকৰ কৰ্তব্য, সমাজক প্ৰদুষন মুক্ত কৰিবলৈ পৰ্যাৱৰণ, কুটুম্ব প্ৰবোধন-পৰিয়ালক একত্ৰিত কৰি সামাজিক সমৰসতাৰ মাধ্যমেৰে সমাজক  ভেদাভেদৰ ভাৱ নাইকীয়া কৰি দেশক বিশ্ব গুৰু আসনত অধিষ্ঠিত কৰাৰ যি সংকল্প লৈছে, এনেকুৱা এটা সংগঠনৰ ১০০ বছৰ হোৱা দেখিবলৈ পাই ধন্য হৈছোঁ, আমি গৌৰৱবোধ কৰিছোঁ বিশাল এই সংগঠনৰ এগৰাকী সেৱিকা হৈ দেশৰ সেৱা কৰিবলৈ সুযোগ পোৱাৰ বাবে ।


 

শ্ৰীমতী লীলাৱতী  কুছৰে

সেৱিকা 

 ৰাষ্ট্ৰ সেৱিকা সমিতি 

অভিজ্ঞতা

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবৰ্ষ পূর্তিৰ এই পবিত্ৰ ক্ষণত মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
শৈশৱৰ পৰাই সংঘ পৰিয়ালত জন্ম আৰু বিবাহ দুয়ো সংঘ পৰিয়ালৰ ভিতৰতে হৈছিল। সংঘৰ প্ৰচাৰক ৰূপে অহা স্বৰ্গীয় শৰদমাধৱ কুছৰেৰ পৰা মই জীৱনত দেশপ্ৰেম, শৃঙ্খলা, ভ্রাতৃত্বভাব আৰু সেৱাৰ আদৰ্শেই দেখিছোঁ। সংঘত এই সকলোবোৰ জীৱনৰ অংশ হৈ পৰিছিল।

এইটো কেৱল মোৰ অভিজ্ঞতা নহয় — ই দেশৰ অভিজ্ঞতা, দেশৰ অনুভৱ। সংঘ পৰিয়ালৰ পৰা এই অনুপ্ৰেৰণাই পাইছোঁ আৰু এই আদৰ্শই মোক আগবঢ়াইছে। এই অনুপ্ৰেৰণাৰে মই ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কাম আৰম্ভ কৰিছিলোঁ আৰু আজিও অবিৰতভাৱে কৰি আছোঁ।

সাধাৰণ মানুহক গঢ়ি তুলি যোগ্য ব্যক্তিত্বত পৰিণত কৰা — এইটো মোৰ জীৱনত সংঘ পৰিয়ালৰ পৰা দেখা আটাইতকৈ মহান কথা।


শ্ৰী ৰুণু দেৱী শৰ্মা

  (ক্ষেত্ৰীয় সহ কার্যবাহিকা, ৰাষ্ট্ৰ সেৱিকা সমিতি)

হিন্দু সংস্কৃতি হ’ল সনাতন সংস্কৃতি। গতিকে আমি যদি এখন সংস্কৃতিবান বা সংস্কাৰিত পৰিয়ালৰ  তৈয়াৰ কৰিব লাগে  তেতিয়া হৃদয়েৰে অনুভূতিৰে তৈয়াৰ কৰিব লাগিব।এই সকলোবোৰ সংঘ সমিতিৰ মাধ্যমে হৈ আছে।মোৰ সঁচাকৈ খুব ভাল লাগিছে ।গৌৰৱ অনুভৱ হৈছে ।আমি সংঘ সমিতিৰ কামবোৰ দেখি গৌৰবান্বিত ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু আগুৱাই যাওঁক এই কামনাৰে। 



ৰিমকি ভাগৱতী 

        (প্ৰান্ত কাৰ্যবাহিকা, উত্তৰ অসম প্ৰান্ত)।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ১০০ বছৰ পূৰ্ণতাপ্ৰাপ্তিৰ এই সৌভাগ্যশালী ক্ষণত সংঘ পৰিয়ালৰে এটা অংশ আৰু এগৰাকী সেৱিকা হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। সংঘ কাৰ্য হৈছে এক অফুৰন্ত দেশপ্ৰেমৰ জীৱন্ত নিদৰ্শন, যি মানুহক শৃংখলিত আৰু সৎচৰিত্ৰৰ দ্বাৰা সমাজৰ প্ৰতি দায়বদ্ধ হৈ জীৱনৰ পথত অগ্ৰসৰ হবলৈ প্ৰেৰিত কৰে। 

এই কাৰ্যৰ মাধ্যমেৰে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে, সকলো ভেদাভেদ পাহৰি সমাজৰ হিতাৰ্থে নিঃস্বাৰ্থভাৱে কৰ্তব্য পালন কৰি, সক্ৰিয় ভাবে নিজকে সমৰ্পণৰ বাবে নিৰৱেই সাধনাময় জীৱন যাপন কৰে। সংঘ কাৰ্যৰ মূল লক্ষ্য হৈছে দেশক শক্তিশালী কৰা আৰু সকলোৰে মাজত একতাৰ ভাৱনা নিৰ্মাণ কৰি সমাজক সংগঠিত কৰা। ব্যক্তিৰ আত্মউৎকৰ্ষ সাধনৰ দ্বাৰা - শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু নৈতিক মূল্যবোধৰে শক্তিশালী এক পৰিপূৰ্ণ মানৱীয় জীৱন গঢ়ি তোলাৰ নিৰন্তৰ প্ৰচেষ্টাই হৈছে সংঘ কাৰ্যৰ মূল আধাৰ ।

 সংঘৰ স্বয়ং সেৱক সকলে ৰাষ্ট্ৰীয় সমস্যা অথবা প্ৰাকৃতিক প্ৰতিকুলতাৰ ক্ষণত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে, কাৰণ সমাজসেৱাই ঈশ্বৰসেৱাৰ সমান বুলি সংঘই আমাক সংস্কাৰ প্ৰদান কৰি আহিছে । সংঘৰ কৰ্মক এক পৱিত্ৰ ঈশ্বৰীয় কৰ্ম বুলি আমি প্ৰতি গৰাকী স্বয়ং সেৱক / সেৱিকাই বিশ্বাস কৰোঁ। সেয়ে সংঘৰ কাৰ্য যি আমি কৰি আছো, সেয়া ঈশ্বৰে আমাক দিয়া দায়িত্ব। এইয়াই প্ৰভুৰ ইচ্ছা আৰু ইয়াক পূৰ্ণ নিষ্ঠাৰে কৰাটোৱেই আমাৰ কৰ্তব্য।”

 

ডাক্টৰ পুনি দেবী

সহ সঞ্চালিকা, উত্তৰ অসম প্ৰান্ত, ৰাষ্ট্ৰ সেৱিকা সমিতি।

ভাৰতৰ সংস্কৃতি আৰু পৰিচয়ক পুনৰুদ্ধাৰ আৰু সংৰক্ষণ কৰিবলৈ, সনাতন ধৰ্মৰ শাশ্বত নীতিৰ আধাৰত বিশ্বজুৰি নিজৰ উপস্থিতিৰ সৈতে কাম কৰি থকা ভাৰতৰ এটা স্বেচ্ছাসেৱী সংগঠন।
১৯২৫ চনত প্ৰতিষ্ঠিত হোৱাৰ পাছত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘে শতবৰ্ষীয়া এক গৌৰৱময় যাত্ৰা সম্পূৰ্ণ কৰিছে। এই যাত্ৰা আগবাঢ়ি আছে ভাৰতক শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু বিশ্বগুৰুৰ ৰূপে প্ৰতিষ্ঠিত কৰাৰ দৰ্শনৰ সৈতে।

সমাজৰ উন্নয়নৰ লক্ষ্যত আৰএছএছ (RSS) নিৰন্তৰভাৱে কাম কৰি আহিছে, বিশেষকৈ সেই স্থানসমূহত য'ত সামাজিক আৰু অৰ্থনৈতিক সুযোগ সীমিত। ই ব্যক্তিক শেখায় যে কিদৰে স্বাস্থ্যকৰ সমাজ নিৰ্মাণ আৰু ৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰতি প্ৰতিশ্ৰুতিৰ বোধ গঢ়ি তোলা যায়।

অটল উৎসৰ্গ আৰু দৃঢ় প্ৰতিশ্ৰুতিসহ কাৰ্যকৰ্তাসকলেৰে আৰএছএছে নিজৰ সেৱা আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ উদ্দেশ্যত নিৰবিচ্ছিন্নভাৱে নিজৰ অভিযান অব্যাহত ৰাখিছে। মই কামনা কৰোঁ যে আৰএছএছৰ এই যাত্ৰা অন্তহীনভাৱে আগবাঢ়ি যাউক আৰু সমাজ, ভাৰত আৰু বিশ্বক উপকৃত কৰি থাকক।


 

বৰ্ণালী বৰুৱা
(প্ৰান্ত সহ কাৰ্যবাহিকা, ৰাষ্ট্ৰ সেৱিকা সমিতি উত্তৰ অসম প্ৰান্ত)।
 

 আজি কেৱল ভাৰতবৰ্ষ নহয় সমগ্ৰ বিশ্বতে এটি চিনাকি নাম ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ।

১৯২৫ চনত প্ৰতিষ্ঠা হোৱা সংঘই ২০২৫ বৰ্ষত ১০০ বছৰত ভৰি দিলেহি।
 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰজীৱনৰ সৰ্ব স্তৰৰ সৰ্ব ক্ষেত্ৰৰ আৰু সৰ্ব শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাঙ্গীন বিকাশৰ বাবে গঠিত হোৱা সংগঠনেই হ'ল সংঘ। 
যোৱা ১০০ বছৰে নীৰৱ প্ৰচেষ্টা আৰু সাধনাৰ ফলৰ বাবে আজি আমি অনুভৱ কৰিছোঁ যে আমাৰ ভাৰতীয় সমাজ আৰু ৰাষ্ট্ৰী জীৱনৰ গুণাত্মক দিশত ব্যাপক পৰিবৰ্তন হৈছে। 
এটা অতি কণ্টকময়, সংঘৰ্ষ জৰ্জৰিত সময়ৰ মাজেদি অতিক্ৰম কৰি সংঘই এক ব্যাপক ৰূপত আত্মপ্ৰকাশ কৰিছে। 
 সংঘই কেৱল ভাৰতৰ হিন্দু সনাতনী সমাজৰ বাবেহে চিন্তা কৰিছে এনে নহয়, সমগ্ৰ বিশ্বৰ সুখ আৰু শান্তিৰ বাবে সংঘই অতুলনীয় দৃষ্টান্ত দাঙি ধৰিছে।
 পৰম পূজনীয় ডক্টৰজীয়ে যি সপোন বুকুত বান্ধি সংঘ স্থাপনা কৰিছিল,  সেই সপোন পূৰ্ণ হোৱাৰ দিশে সংঘ অগ্ৰসৰ হৈছে।
 সংঘ প্ৰতিষ্ঠাৰ শতবৰ্ষ পূৰ্ণ হোৱা সময়ৰ সাক্ষী হ'বলৈ পায় নিজকে ধন্য মানিছো।
নানা প্ৰতিকুল পৰিস্থিতিত নিজকে চম্ভালি স্বয়ংসেৱক বন্ধুসকলে সংঘৰ শতবৰ্ষৰ এই মধুৰ ক্ষণত উপনীত হৈছে, এয়া আমাৰ বাবে পৰম সৌভাগ্যৰ বিষয়। সকলো স্বয়ংসেৱক বন্ধুলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।
 সমগ্ৰ  ভাৰতীয় সমাজখনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ প্ৰায় অৰ্ধশতাধিক ভ্ৰাতৃসংগঠনৰ জন্ম দিয়া সংঘৰ জয়যাত্ৰা অধিক গৌৰৱোজ্জ্বল হোৱাৰ কামনা কৰিলোঁ।




সন্ধ্যা গোস্বামী

 প্রান্ত বৌদ্ধিক প্রমুখ
ৰাষ্ট্র সেৱিকা সমিতি   উঃ অসম প্রান্ত।


ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, এটি অনুভৱ। ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ বা আরএছএছ  সমগ্র বিশ্বত পৰিছিত এটি ৰাষ্ট্ৰসেৱাত উৎসর্গিত সংগঠন যাৰ জন্ম হৈছিল ১৯২৫ চনত নাগপুৰত বিজয়া দশমীৰ শুভক্ষণত। এজন জন্মজাত দেশপ্রেমিক ডাঃ কেশব বলিৰাম হেডগেৱাৰৰ এসময়ৰ বৈভৱশালী ভাৰতবৰ্ষৰ পৰাধীনতাৰ দেশমন সংগঠিত কৰা আৰু পরম বৈভবশালী কৰি তোলা। যি এই দেশক নিজ মাতৃভূমি বুলি আকোৱালী ল'ব নিজ ৰক্তৰ - এক টোপাল ৰাষ্ট্রৰ বাবে দিবলৈ সাজু তেনে দেশসেৱক নির্মান কৰাই আছিল রাষ্ট্রীয় স্বয়ং সেৱক সংঘ

র প্রধান উদ্দেশ্য। তেখেতে কৈছিল মোৰ ভাৰত মাতৃ আজি অসুস্থ তেওঁক' সুস্থ কৰিবৰবাবে মই অহোপুৰুষার্থ।"

অসমত আৰএছএছৰ কাম আৰম্ভ' হয় ১৯৪৬ চনৰ অক্টোবৰত গুরাহাটীত। আরএছএছ শাখা মণ্ডলত।
দাদাৰাও পাৰমাৰ্থ,বসন্তৰাও আৰু শ্রীকৃষ্ণ  পৰাঞ্জপেই প্রচাৰক হিচাপে শাখা
আরম্ভ করিছিল। কর্নি অম্বিকাগিৰী ৰায় চৌধুৰীয়ে অসমলৈ ১০০ জন প্রছাৰক আনি
সংঘৰ কাম বৃদ্ধি কৰিব লাগে বুলি কৈছিল।

ক্রমান্বয়ে প্রছাৰকৰ সংখ্যা বৃদ্ধি হল। সংঘৰ কামো বাঢ়িবলৈ ধৰিলে। ৰামন্সিংজী ঠাকুৰ,
মধুকৰ লিমায়ে এই দুজনে বহুত কর্ম কৰি অসমক সেই সময়ৰ প্রতিকূল পৰিবেশত সংঘৰ
শাখাসমূহ আৰম্ভ কৰিছিল। ৰামসিং ঠাকুৰজী আছিল ইংৰাজী সাহিত্যত Gold medalist
আৰু মধুবৰজী তৰ্ক শাস্ত্র' আৰু দুটা বিষয়ত মুঠত ৩টা বিষয Msc, M.A আছিল বুলি আমি শুনিছিলো, মধুজীয়ে ১মে আহি নগাঁৱৰ কলতে নদীত হাত মুখ ধুই, থকাৰ জেগার- সন্ধানত ওলাইছিল। ৰামসিংজী আৰু মধুজীৰ চেষ্টাত সংঘৰ শাখা আৰম্ভ হল।

১ম অবস্থাত খোরা বোৱা থকা মেলা যেনে তেনে কৰি বহুত কষ্টেৰে অসমত  সংঘ  থিয় কৰালে।  কাৰণ সেই সময়ত  অসমত প্রায় মানুহেই সংঘৰ লগত পৰিচিত নাছিল। তদুপৰি গান্ধী হত্যাৰ আলম লৈ সংঘক নিষিদ্ধ কষা হৈছিল। লাহে লাহে ঠায়ে- ঠায়ে সংঘৰ কার্যালয় নির্মান হল।

সংঘৰ স্বয়ং সেৱক সকলে তন, মন ধন স্বেচ্ছাই সমর্পন কৰি ৰাষ্ট্ৰ পূজাৰ  অংশিদাৰ হয়। ১৯৪০ চনত অসমৰ  বিখ্যাত উকীল স্ব ৰাধিকামোহন গোস্বামী দেৰ ১ম আক একমাত্র' লোক আছিল । ডাঃ হেডগেৱাৰজীক নাগপুরও লগ পাইছিল। স্ব প্ৰফুল্ল বৰা ,গিৰিধৰ শর্মা, ৰজনিকান্ত দেবশর্মা, শৰদ মাধব কুশৰে, ভুমিদেব গোস্বামী, আৰু বহুতো গণ্য মান্য ব্যক্তি , সংঘৰ বিভিন্ন  দায়িত্বতে থাকি ৰাষ্ট্ৰৰ প্রতি সেৱা আগবঢ়াইছিল।

সংঘৰ প্রায় ২৮-টা ভ্রাতৃ -ভগ্নী সংগঠনে বিভিন্ন ক্ষেত্ৰৰ ৰাষ্ট্রৰ প্ৰতি অবদান (সেৱা) আগবঢ়াই আহিছে। ৰাষ্ট্র সেবিকা সমিতি নামৰ মহিলা সংগঠনটি ডাঃ হেডগেৱাৰজীৰ পৰামর্শ লৈ ১৯৩৫ চনত বিজয়া দশমীৰ দিনা বন্দনীয়া লক্ষ্মীবাঈ কেলকাৰে ৱৰ্দ্ধাত স্থাপন কৰিছিল জি ৯০ বচৰ পুর্ন হোৱাৰ পথত। এই সকলো সংগঠনে বিভিন্ন- ক্ষেত্রত জাতি, পন্থ, বর্ণ , নির্বিশেষে এটা পৰিয়াল হিচাপে ৰাষ্ট্রৰ সেৰাত আত্মনিয়োগ কৰিছে। বসুদেব কুটুম্বকম এই উদ্গঘোষৰ শ্বাশ্বত রূপ দিছে।

সংঘৰ ৫টা সংকল্প, আত্ম উপলব্ধি সামাজিক সমৰসতা, কুটুম্ব প্রবোধন, নাগৰিক শিষ্টাচাৰ, পৰিৱেশ সুৰক্ষা এই কেইটা লক্ষ্য আগত বাখি ৰাষ্ট্র উত্থানত আগভাগ লৈছে। আজি ১০০ বচৰত, বহুতো  প্রতিকূল পরিস্থিতি অতিক্রম কৰি সংঘই আজিৰ অরস্থা পাইছেহি। ভাৰতবর্ষৰ বর্তমান উন্নতিৰ আৰত সংঘষ অবদান অতুলনীয়।



প্ৰতিমা বৰা

 (উত্তৰ অসম প্ৰান্ত শাৰীৰিক প্ৰমুখ)

"ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ" - এই নামটো তেই এক বুজাব নোৱাৰা অনুভূতি সন্নিৱিষ্ট হৈ আছে। "সংঘ" ক কেৱল মাত্ৰ এটা সংগঠন বুলি কৈ সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি । সংঘ ৰ স্বৰূপ বিশাল দিগন্তৰ সমান। যি দৰে পৰমাত্মা ৰ স্বৰূপ সাধাৰণ মনুষ্যৰ দৃষ্টিৰ অগোচৰ, ঠিক সেইদৰে ই সংঘৰ স্বৰূপ ও আমাৰ কল্পনা ৰ বাহিৰত । 

এটা বাক্যত ক'বলৈ গ'লে "সংঘ এক বিচাৰ ধাৰা" বুলি ক'ব পাৰি। যাৰ মাধ্যমেৰে মানৱ জাতিৰ কল্যাণ ৰ লগতে সম্পূৰ্ণ সৃষ্টিৰ উৎকৰ্ষ সাধন ৰ প্ৰয়াস চলি আছে। এই প্ৰয়াস পৱিত্ৰ গংগা মা ৰ দৰে বিগত ১০০ বছৰ ধৰি পূৰ্ণ গতিত ধাৱমান হৈ আছে আৰু ভৱিষ্যতে ও একেই উদ্যমেৰে গতি কৰি থাকিব। তাৰ বাবে আমি এই বিচাৰ ধাৰা ক নিজৰ জীৱন ত ৰন্ধ্ৰে ৰন্ধ্ৰে সন্নিৱিষ্ট কৰিব লাগিব। তেতিয়া হে আমি নিজৰ ঘৰত, পৰিয়ালত, ওচৰ চুবুৰীয়া আৰু সমাজ ত ইয়াৰ প্ৰভাৱ পেলাব পাৰিম। 

সংঘ ৰ ভগিনী সংগঠন "ৰাষ্ট্ৰ সেৱিকা সমিতি" ৰ এগৰাকী সেৱিকা হিচাপে মই অত্যন্ত গৌৰৱান্বিত। পৰমেশ্বৰে তেওঁৰ সৃষ্টি ৰ উৎকৰ্ষ সাধনৰ প্ৰক্ৰিয়া ত মোকো মাধ্যম হিচাপে বাচি লোৱা ৰ বাবে, মই তেওঁ ৰ শ্ৰী চৰণত চিৰ কৃতজ্ঞ।ৰাম সেতু বনাওতে কেৰ্কেটুৱাই যি দৰে নিজৰ ক্ষুদ্ৰ দেহাটো ত বালি সানি সাগৰ ত ডুব দি প্ৰভু ৰামচন্দ্ৰ ৰ ধৰ্ম প্ৰতিষ্ঠা ত অৰিহণা আগবঢ়াইছিল, ঠিক সেইদৰে মই ও মানৱ জাতি ৰ কল্যাণ ৰ এই বৃহৎ অভিযানত এটি ক্ষুদ্ৰ অংশীদাৰ হ'বলৈ পায় নিজকে ধন্য মানিছো ।

 

নমিতা বৈশ্য দাস, 

মহানগৰ কাৰ্যবাহিকা, ৰাষ্ট্ৰ সেৱিকা সমিতি

ৰাষ্ট্ৰীয় সয়ং সেৱক সংঘ মাত্ৰ এটা নাম নহয়, ই এক ব্যৱস্থা। যি ব্যৱস্থাই সমগ্ৰ দেশবাসীক একত্ৰিত কৰি আত্মীয়তাৰ ডোলেৰে বান্ধি ৰখাৰ সামৰ্থ ৰাখে। ১৯২৫ চনৰ বিজয়া দশমীৰ পৰা যাত্ৰা আৰম্ভ কৰা এই সংগঠনৰ মূল মন্ত্ৰ হৈছে অনুশাসন, নিয়মানুবৰ্তিতা,দেশভক্তি, ভাৰতীয় দৰ্শনৰ আধাৰত আধাৰিত জীৱন শৈলী। এক লক্ষ্য এক উদ্দেশ্য আগত ৰাখি কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ  ১০০ বছৰ পূৰ্ণ কৰা বিশ্বৰ একমাত্ৰ আদৰ্শ সংগঠন হৈছে ৰাষ্ট্ৰীয় সয়ং সেৱক সংঘ।একে লক্ষ্য, উদ্দেশ্য আগত ৰাখি মহিলাৰ মাজত কাম কৰি থকা ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কাৰ্যকৰ্তা হিচাপে মই গৌৰাম্বীত যে এনেকুৱা এটি সংগঠনৰ সান্নিধ্যত কাম কৰিবলৈ  সৌভাগ্যকন পাইছো। সংঘৰ শত বৰ্ষ উপলক্ষে আই ভাৰতীৰ সেৱাত নিজকে ব্ৰতী ৰখাৰ মানসেৰে সদায় আগুৱাই যাব বিচাৰোঁ।

 
জয়শ্ৰী পাল

 (সহ কার্যবাহিকা, গুৱাহাটী মহানগৰ)

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰৰ পূৰ্তিৰ এই শুভ ক্ষনত সংঘৰ বিষয়ে নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ পাই মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। সংঘ সম্পৰ্কে কবলৈ গ'লে মোৰ এটা কথা সদায় মনত আহে যে এনেকুৱা এটা মহৎ সংগঠন কেবল ভাৰতবৰ্ষৰ কাৰণেই প্ৰয়োজনীয় নহয় আপিতু সমগ্ৰ্ বিশ্বৰ কাৰণে অতি প্ৰয়োজনীয় কাৰণ সংঘই আমাক শিকাই যে মন, কৰ্ম আৰু বচনৰ বিকাৰৰ কাৰণে দেশৰ ক্ষতি হ'ব নালাগে তাৰ বাবে স্বয়ং দিনৰাতি প্ৰস্তুত থাকি সমাজকো তৈয়াৰ কৰি অতি আবশ্যক।


কল্যাণী ঠাকুৰীয়া

(বিভাগ কার্যবাহিকা, গুৱাহাটী বিভাগ, প্ৰান্তীয় সেৱা প্ৰমুখ)।

মই কব খুজিছো ~
~ ১৯২৫ বর্ষ | এই বৰ্ষতে এটা পবিত্র ক্ষণত আবিৰ্ভাব হৈছিলে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ | ২০২৫ বর্ষত ১০০ বছৰ পূর্ন হল | কিমানজন আহিল আৰু কিমান জন গ'ল কিন্তু সংঘৰ কাম নিৰবিচিন্ন ভাবে চলি থাকিল | জন্মলগ্নৰে পৰা ৰাঃ স্বঃসেঃ সংঘই ভাৰতীয় ভাঙোনমুখী সমাজক একত্রিত কৰি ভাৰতীয় সংস্কৃতিৰ আধাৰত আগুৱাই নিবলৈ চেষ্টা অখুন্ন ৰাখিছে | কেতিয়াবা ভাবি আচৰিত লাগে নতশিৰ হৈ যাঁও যে ১০০ বছৰ আগতেই চিন্তা কৰিছিল এই সংগঠনৰ প্রতিষ্ঠাপক ড০ কেশৱৰাও বলিৰাম হেডগাৱাৰ দেবলৈ | তেখেতৰ দূৰদর্শিতাক শ্ৰদ্ধাৰে সুৱৰিছো | 

কেনেকৈ ১০০ বছৰ আগতেই তেখেতৰ মনলৈ আহিল ব্যক্তি, পৰিয়াল, সমাজ তথা দেশক আগুৱাই নিবলৈ কেনেকুৱা পদ্ধতি অৱলম্বন কৰিব লাগিব | তেখতৰ দূৰদৰ্শি তাৰ শলাগ লৈছো। অজ্ঞানতাৰ বাবে হওঁক বা নিজ স্বাৰ্থৰ বাবেই হওক কিছু সংখ্যক মানুহে সংঘৰ বিৰুদ্ধে যি অপপ্রচাৰ চলাইছিলে তেওঁলোকেও সংঘৰ কামকাজ দেখি মান্যতা দিবলৈ বাধ্য হৈছে | ১০০ বছৰ ধৰি যি চিন্তাধাৰা সমাজত প্রভাবশালী হৈ বৈ থাকে তেতিয়া সমাজৰ সকলো স্তৰৰ মানুহে প্ৰভাৱিত হোৱাটো স্বাভাৱিক | সংঘৰ লক্ষ্য হল দেশৰ সকলো প্ৰান্তৰ সমভাৱ সম্পন্ন ব্যক্তি সকল ক সংঘৰ আদর্শত দিক্ষিত কৰি উলিয়াই আনি ৰাষ্ট্রৰ সেৱাত নিয়োগ কৰা | 

এই সকল ব্যক্তিৰ লক্ষ্য হল ভাৰতমাতাক গৰিয়সী, মহিমামণ্ডিত কৰি বিশ্বৰ গুৰু আসন ত   বহুওৱা| এই শ বছৰ ত সমাজত বহুত পৰিবৰ্তন হৈছে | মানুহৰ মনৰ বিকাশ হৈছে | পৰিয়াল বোৰ সংস্কাৰিত হৈছে | সত্য কবলৈ শিকিছে | স্বাস্থ্যৰ যত্ন লবলৈ শিকিছে | ভগবানক ভাল পাবলৈ শিকিছে ৷মানুহক মানুহ হিচাবে চিনিবলৈ শিকিছে | তথাপিও যেন এতিয়াও বহুত কাম বাকী আছে এনেকুৱা ভাব এটা আহি থাকে। ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু ৰাষ্ট্র সেৱিকা সমিতিৰ লগত জড়িত হৈ ব্যক্তি কি, সমাজ কি, দেশৰ সেৱা কি ? অন্তত অলপ কিবা হলেও শিকিছো যদিও একো কৰিব পৰা নাই | প্ৰেৰণা পাইছো, সাহস পাইছো আৰু আত্মবিশ্বাস বাঢ়িছে | যিসকল ব্যক্তি এই সংগঠনক জনা নাই বা জানিবলৈ সুযোগ পোৱা নাই, তেওঁলোকক কব খুজিছো, আপোনালোক আহক অতি সহজে মনৰ সকলো ভ্রান্তি আতৰি গৈ মনৰ বিশালতা আহিব আৰু মানৱ সেৱাত, দেশমাতৃৰ সেৱাত ব্ৰতী হোৱাৰ প্ৰেৰণা পাব।


প্ৰণামিকা শৰ্মা
বিভাগ বৌদ্ধিক প্ৰমুখ, গুৱাহাটী বিভাগ
  ৰাষ্ট্ৰ সেৱিকা সমিতি  উত্তৰ অসম প্ৰান্ত

দেশপ্ৰেম আৰু স্বাভিমানেৰে পুষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱোজ্জল এশ বছৰ পূৰ্ণতাৰ এই ঐতিহাসিক ক্ষণত সংঘৰ সকলো স্বয়ংসেৱক  আৰু শুভাকাংক্ষীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। সংঘই শতাব্দীজুৰি ভাৰত মাতৃৰ সেৱা, সমাজৰ ঐক্য আৰু জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত অনুপম ভূমিকা পালন কৰিছে। “সংঘই সমাজ, সমাজেই ৰাষ্ট্ৰ” — এই আদৰ্শ ধিয়াই সংঘই যি নিৰৱ অথচ গভীৰ পৰিবর্তনৰ বীজ ৰোপন কৰিছে, সেইয়াই আজিৰ ভাৰতৰ  দৃঢ় আত্মবিশ্বাসী পৰিচয়ৰ আধাৰ।

    সমাজলৈ অস্থিৰতা অনা বিভিন্ন প্ৰতিবন্ধকতা আৰু বিভিন্ন বিপদৰ সময়ত মানৱতাৰ সেৱা আগবঢ়াই স্বয়ংসেৱকসকলে যি দৃষ্টান্ত দেখুৱাইছে সেয়া গভীৰ প্ৰেৰণাদায়ক। সংঘৰ শিক্ষিত, শৃঙ্খলাবদ্ধ আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ স্বয়ংসেৱকসকলে সমাজৰ প্ৰতিটো স্তৰত একতা, স্বাৱলম্বন আৰু সাংস্কৃতিক গৌৰৱৰ পুনৰ্জাগৰণ ঘটাই বিৰল আদৰ্শৰ চানেকি দাঙি ধৰিছে।

এই এশ বছৰীয়া যাত্ৰাই ভবিষ্যতৰ প্ৰজন্মকো দেশসেৱাৰ বাবে অনুপ্ৰাণিত কৰি ৰাখক। ভাৰত মাতৃৰ মহিমা বৃদ্ধি আৰু বিশ্বগুৰুৰ ৰূপে ভাৰতক প্ৰতিষ্ঠিত কৰাৰ যাত্ৰাত সংঘৰ শতাব্দী পূৰ্তিয়ে নতুন দীপ্তি আৰু দৃঢ়তা আনক। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ স্বয়ং সেৱকসকল ভাৰত মাতৃৰ গৌৰবৰ কাৰণ হৈ থাকক। আন্তৰিক অভিনন্দন।



জয়তু ৰাষ্ট্ৰীয়  স্বয়ং সেৱক সংঘ।

 

 

 

Page report prepared by:
 
Debjani Patikar 
( Mahanagr prachar bibhag toli sadashya)
 
 
 
 
 
Write up coordinated by :
 
Rilanjana Talukdar 
( Uttar Assam Pranta Prachar Pramukh) 


 


No comments:

Post a Comment