গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰক গণৰাজ্য দিৱস পেৰেড বাছনি শিবিৰ সম্পন্ন
গুৱাহাটী ,১১ অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত ৯ অক্টোবৰত বিশ্ববিদ্যালয় চৌহদত প্ৰাক গণৰাজ্য দিৱসৰ বাছনি শিবিৰ অনুষ্ঠিত হয়। পূৱ মাণ্ডলিক প্ৰাক গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক বাচনি শিবিৰ অনুষ্ঠিত হয় । তিনিটা পৰ্যায়ত বাচনি কৰাৰ পাছত এন এছ এছৰ স্বেচ্ছাসেৱকসকলক নতুন দিল্লীত হবলগীয়া মূল গণৰাজ্য দিৱসৰ পেৰেডলৈ নিৰ্বাচিত কৰা হয় ।বিশ্ববিদ্যালয় পৰ্যায়ৰ শিবিৰটোত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ এন এছ এছ গোট , বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ এন এছ এছৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে । কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ চৰকাৰী আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ স্বেচ্ছাসেৱকেও উক্ত বাচনি শিবিৰত অংশগ্ৰহণ কৰে । বাছনি প্ৰক্ৰিয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতি, এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ আঞ্চলিক সঞ্চালক ডি কৰ্থিগুৱেনৰ উপৰিও বিক্ৰম সিং লহকৰ, শৈলেন্দ্ৰ সিং, আৰু এন চি চিৰ বিষয়াও বাছনি প্ৰক্ৰিয়াত উপস্থিত থাকে। বাছনি প্ৰক্ৰিয়াৰ সময়ত স্বেচ্ছাসেৱকসকলৰ নিৰ্বাচনৰ বাবে সাংস্কৃতিক প্ৰদৰ্শন আৰু শাৰীৰিক সক্ষমতাৰ পৰীক্ষা কৰা হৈছিল।

No comments