Sunday, October 12, 2025

ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা চি আৰ পি এফৰ বীৰ জোৱানক বৰঝাৰ বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি


 

 গুৱাহাটী ,১২ অক্টোবৰ : ঝাৰখণ্ডত ১০ অক্টোবৰৰ দিনা নিশা সন্দেহযুক্ত মাওবাদীয়ে সংঘটিত কৰা এক আই ই ডি বিস্ফোৰণত অসমৰ এজন চি আৰ পি এফৰ  ৬০ বেটেলিয়ানৰ এজন জোৱান  শ্বহীদ হৈছিল । ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত  সংঘটিত  আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা জোৱানজন আছিল অসমৰ নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ  মহেন্দ্ৰ লস্কৰ । 

আনহাতে আজি পুৱা ৭ বজাত শ্বহীদ জোৱান মহেন্দ্ৰ লস্কৰৰ মৃতদেহ নতুন দিল্লীৰ পৰা ইণ্ডিগ' বিমানযোগে নিজ গৃহলৈ লৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনা হয়। বৰঝাৰ বিমানবন্দৰত চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰ হৈ  পূব মণ্ডলৰ বিশেষ সঞ্চালক প্ৰধান ৰাজা শ্ৰীবাস্তবে সামৰিক মৰ্যাদাৰে মহেন্দ্ৰ লস্কৰৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। 

ইয়াৰ উপৰিও অসম আৰক্ষীৰ মহা পৰিদৰ্শক বিবেক ৰাজ সিং, গুৱাহাটী মহানগৰ  আৰক্ষী আয়ুক্তৰ হৈ উপ আৰক্ষী আয়ুক্ত কুলেন্দ্র নাথ ডেকা, চি আৰ পি এফৰ পূব মণ্ডলৰ উপ মহা পৰিদৰ্শক  সুৰেন্দ্ৰ চৌধুৰী , গুৱাহাটী গ্ৰুপ কেন্দ্ৰৰ উপ মহা পৰিদৰ্শক অনিল কুমাৰ ধ্যানী, জামাল খান, ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীব কুমাৰ ঝাকে ধৰি বাহিনীটোৰ বিষয়া - জোৱান সকলে দেশ শ্ৰদ্ধা নিবেদন কৰে । উপস্থিত চি আৰ পি এফৰ জোৱান সকলে মহেন্দ্ৰ লস্কৰ অমৰ ৰহে ধ্বনি দি বৰঝাৰ বিমানবন্দৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে। তাৰ পাছত তেওঁৰ নশ্বৰ দেহ চি আৰ পি এফৰ এখন পুষ্পসজ্জিত বাহনত বিশাল কনভয়ৰে নিজ গৃহ কামপুৰলৈ লৈ যোৱা হয়।

No comments:

Post a Comment