গুয়াহাটি , ১২ অক্টোবৰঃ দেওবাৰৰ পৰা সমগ্ৰ অসমৰ লগতে কামৰূপ মহানগৰ জিলাত উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ হৈছে। ৰাজ্যৰ মুঠ ২৬ খন জিলাত একেলগে আৰম্ভ হোৱা এই অভিযানৰ মূল লক্ষ্য জন্মৰ পৰা ৫ বছৰ বয়সৰ শিশুসকলক পলিঅ প্ৰতিষেধক প্ৰদান কৰা।
এই উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান আজি কামৰূপ মহানগৰ জিলাৰ খানাপাৰাস্থিত ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজন কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু, স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ, কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰীক্ষক ডাঃ নগেন শৰ্মা, মহানগৰৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, জিলা প্ৰতিষেধক বিষয়া ডাঃ ভৱেন্দ্ৰ কুমাৰ দাস আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা তথা খণ্ডস্তৰৰ বিষয়া-কৰ্মচাৰীসকল।
ৰাজ্যজুৰি ৩৬,৮৬,৫৯৭ গৰাকী শিশুক এই অভিযানৰ অন্তর্গত অন্তৰ্ভুক্ত কৰা হোৱাৰ লক্ষ্য স্থাপন কৰা হৈছে, যাৰ ভিতৰত কেৱল কামৰূপ মহানগৰ জিলাত ১৯৯,৬২১ গৰাকী শিশুক পলিঅ প্ৰতিষেধক প্ৰদান কৰা হ’ব।
এই কাৰ্যসূচী সফলভাবে সম্পন্ন কৰিবলৈ জিলাত মুঠ ৭৯৮ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰতিষেধক প্ৰদান কেন্দ্ৰত সৱলভাৱে পলিঅ প্ৰতিষেধক প্ৰদান কৰাৰ পাছত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ কোনো শিশুৱে প্ৰতিষেধক পৰা বঞ্চিত নহয় বুলি নিশ্চিত কৰিব।
অভিযান সুচাৰুভাৱে সম্পন্ন হোৱাৰ বাবে স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা সকলো প্ৰয়োজনীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। লগতে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ বেনাৰ-পোষ্টাৰ লগোৱা আৰু মাইকযোগে প্ৰচাৰ অভিযান চলোৱা হৈছে।


No comments:
Post a Comment