সুস্থ নাৰী, সুস্থ পৰিয়াল” অভিযানৰ অধীনত মহানগৰত বিশেষ স্বাস্থ্য শিবিৰ সম্পন্ন
২৬ ছেপ্তেম্বৰ, ২০২৫: কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু গুৱাহাটী পৌৰ নিগমৰ সহযোগত “সুস্থ নাৰী, সুস্থ পৰিয়াল” অভিযানৰ লগত সংগতি ৰাখি আজি কামৰূপ মহানগৰৰ বাল্মীকি নগৰত এক বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
গুৱাহাটী পৌৰ নিগমৰ অধীনত কৰ্মৰত অঞ্চলটোৰ মুঠ ৮৭ গৰাকী চাফাই মিত্ৰ আৰু মহিলা কৰ্মচাৰীৰ স্বাস্থ্য এই শিবিৰত পৰীক্ষা কৰা হয়। শিবিৰত বিশেষজ্ঞ ডাক্তৰৰ দ্বাৰা স্ত্ৰী-প্ৰসূতি, চকু, আদি ৰোগৰ চিকিৎসা সেৱা প্ৰদানৰ লগতে অসংক্ৰিমত ৰোগ, যেনে বহুমূত্ৰ, উচ্চ ৰক্তচাপ, কেঞ্চাৰৰ পৰীক্ষণ কৰা হয়। উল্লেখযোগ্য যে বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা আজিৰ শিবিৰত কেঞ্চাৰৰ পৰীক্ষণ কৰা হয়। তদুপৰি মানসিক ৰোগ, পুষ্টি, এনিমিয়া, যোগাসন আদিৰ ওপৰতো সজাগতা সৃষ্টি কৰা হ’য়।



No comments