জুবিন গাৰ্গৰ অকাল বিয়োগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন ; পাণ্ডুৰ বিসর্জন ঘাটত এইবাৰ বজাব নোৱাৰিব ছাউণ্ড চিষ্টেম ; আধ্যাত্মিক পৰিবেশতহে হব প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া
গুৱাহাটী , ২৬ ছেপ্টেম্বৰ : অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকাহত হৈ আছে ৰাজ্যবাসী। আনকি সমাগত দূৰ্গা পূজাতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বেছিভাগ পূজা উদযাপন কমিটীয়ে নিশাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ লগতে আন আন বহু কাৰ্যসূচী বাতিল কৰি কেৱল মাংগলিক বা আধ্যাত্মিক পৰিবেশত হে পূজা উদযাপন কৰিব বুলি ঘোষণা কৰিছে। আনকি শাৰদীয় দূৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ থলী হিচাপে পৰিগণিত হৈ অহা গুৱাহাটীৰ পাণ্ডুঘাটতো এইবেলি বিসৰ্জন প্ৰক্ৰিয়া কেৱল মাংগলিক তথা আধ্যাত্মিক পৰিবেশত হে যাতে শৃংখলাবদ্ধভাৱে সম্পন্ন কৰা হব বুলি ঘোষণা কৰিছে পাণ্ডুঘাট বিসৰ্জন কমিটীয়ে ।
এই উপলক্ষে বৃহস্পতিবাৰ পাণ্ডুস্থিত জালুকবাৰী নাগৰিক কমিটীৰ কাৰ্যালয়ত জালুকবাৰী সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত পাণ্ডুঘাট বিসৰ্জন কমিটীৰ এখন সভা অনুষ্ঠিত হয়। কমিটীৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দ্যেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে আৰু উপস্থিত সকলোকে আদৰণি জনায় কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্যই। সভাৰ আৰম্ভণিতে সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ঘটনাৰ গভীৰ শোক ব্যক্ত কৰি এক মিনিট সময় মৌন প্ৰার্থনা জনোৱাৰ লগতে ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা হয়। আনহাতে জালুকবাৰী সম জিলাৰ আয়ুক্ত জীৱন কৃষ্ণ গোস্বামীয়ে সভাৰ আঁত ধৰি কয় যে জুবিন গাৰ্গৰ অকাল বিয়োগত সকলোৱে শোকাহত হৈ থকাৰ বাবে এইবেলি পূৰ্বৰ দৰে পাণ্ডুঘাটত আনন্দ - উৎসৱৰ সলনি বিসৰ্জন প্ৰক্ৰিয়া মাংগলিক বা আধ্যাত্মিক পৰিবেশৰ মাজত কৰা হব।
পূজা উদযাপন কমিটী সমূহে সন্ধিয়া আন্ধাৰ হোৱাৰ আগতে ব্ৰহ্মপুত্ৰত প্ৰতিমা বিসৰ্জন দিব পাৰে। প্ৰতিমা বিসৰ্জনৰ সময়ত কোনো ছাউণ্ড চিষ্টেম বা ডিজে ব্যৱহাৰ কৰিব নোৱাৰিব । আনহাতে সভাত গুৱাহাটী পশ্চিম জিলাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত মৈত্ৰেয়ী ডেকা, জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত অনুকূল মালাকাৰ , যান-বাহন শাখাৰ সহকাৰী আৰক্ষী আয়ুক্তদ্বয় দ্বীপজ্যোতি দাধৰা আৰু প্ৰিয়া বড়ো, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন মহন্তকে ধৰি কেবাজনো আৰক্ষী বিষয়া, এছ ডি আৰ এফ, শক্তি, লোক নিৰ্মাণ, গুৱাহাটী পৌৰ নিগম, আভ্যন্তৰীণ জল পৰিবহণ, অগ্নি আৰু আপাদকালীনকে ধৰি বিসৰ্জন প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়া - অভিযন্তা সকল উপস্থিত আছিল ।
আনহাতে সভাৰ অন্তত পাণ্ডুঘাটৰ প্রতিমা বিসর্জন ঘাট পৰিদৰ্শন কৰে সভাত উপস্থিত সকলোৱে । বিজয়া দশমী আৰু তাৰ পাছদিনা কেনেদৰে শৃংখলাবদ্বভাৱে দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব তাৰ বুজ লয় দলটোৱে। জানিব পৰামতে এইবেলি গুৱাহাটীত ১০১ খন দুর্গা পূজা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পূজাৰ কেইদিনত নিৰাপত্তাৰ দিশতো আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।


No comments