Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটীত 'উত্তৰ-পূব বাঁহ সন্মিলন ২০২৫

 



গুৱাহাটী ১৮ ছেপ্টেম্বৰ, ২০২৫: বৃহস্পতিবাৰ বিশ্ব বাঁহ দিৱস। বিশ্ব বাঁহ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ জালুকবাৰীস্থিত ৰেডিছন ব্লু'ত দিনজোৰা কাৰ্যসূচীৰে 'উত্তৰ-পূব বাঁহ সন্মিলন ২০২৫' অনুষ্ঠিত হয়। উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদ অৰ্থাৎ এন.ই.চি.বি.ডি.চিৰ উদ্যোগত ৰাষ্ট্রীয় বাঁহ মিছন চমুকৈ এন.বি.এমৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হয়।

 বহনক্ষম বাঁহভিত্তিক অর্থনীতি, বিনিয়োগ, কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ পদক্ষেপ আৰু অর্থনৈতিক বিকাশৰ পথত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হয় এই সন্মিলনখনি।এই সন্মিলনত অংশ লৈ দেশ-বিদেশৰ নীতি নির্ধাৰক, উদ্যোগী আৰু উদ্ভাৱকসকল উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহ উদ্যোগৰ ভৱিষ্যতৰ ওপৰত বিশেষ আলোকপাত কৰে। ২০৪৭ চনৰ ভিতৰত বিকশিত উত্তৰ-পূবৰ বাবে এক সমৃদ্ধিশালী বাঁহ খণ্ড গঢ়ি তোলাৰ বাবে উপস্থাপন কৰা হয় এক বিস্তৃত ৰোডমেপ।

 উক্ত সন্মিলনত এন.ই.চি.বি.ডি.চিৰ পৰিচালন সঞ্চালক এম চি ওমি নিংচেনকে প্ৰমুখ্য কৰি বহুকেইজন গণ্য মান্য ব্যক্তিয়ে অংশ লয়। উল্লেখ্য যে নুমলীগড় শোধনাগাৰ আৰু চেলকো ফাউণ্ডেশ্যনৰ সৈতে চি এছ আৰ কেন্দ্রিক উন্নয়নমূলক পদক্ষেপৰ ওপৰত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। ইয়াৰোপৰি আই আই টি গুৱাহাটী আৰু এন আই ডি আহমেদাবাদৰ সৈতেও এক গুৰুত্বপূর্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

 



 

No comments

Powered by Blogger.