Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কোঁৱৰপুৰত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ

 

কোঁৱৰপুৰ:   ১৩ নৱেম্বৰত     ভাৰত সেৱাশ্ৰম সংঘৰ কোঁৱৰপুৰ ৰাজআলি শাখাৰ উদ্যোগত অহা ১৩ নৱেম্বৰ, শুকুৰবাৰে পুৱা ৯.৩০ বজাৰ পৰা এক বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই চিকিৎসা শিবিৰত ৰাইজে বিনামূলীয়াকৈ চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব।

শিবিৰত স্বাস্থ্য পৰীক্ষা আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিবলৈ ইচ্ছুক ব্যক্তিসকলক পুৱা ৮.৩০ বজাৰ পৰা নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। আয়োজকসকলে জনোৱা অনুসৰি, পঞ্জীয়ন কৰা প্ৰথম ৭০ গৰাকী ব্যক্তিক বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা প্ৰদান কৰা হ'ব।

আনহাতে, এই শিবিৰত এলোপেথিক চিকিৎসকৰ দ্বাৰা মুখগহ্বৰৰ কৰ্কট ৰোগ (Mouth Cancer) সম্পৰ্কীয় চিকিৎসা সেৱাও উপলব্ধ হ'ব। এই বিশেষ চিকিৎসা সেৱা সকলোৰে বাবে মুকলি থাকিব আৰু ইয়াৰ বাবে কোনো সংখ্যাগত সীমাবদ্ধতা ৰখা হোৱা নাই।

সেয়েহে, অঞ্চলটোৰ সকলো ৰাইজকে নিৰ্ধাৰিত সময়ত উপস্থিত হৈ এই বিনামূলীয়া চিকিৎসা শিবিৰৰ সুবিধা গ্ৰহণ কৰিবলৈ ভাৰত সেৱাশ্ৰম সংঘৰ স্বামী মহাত্মানন্দই আহ্বান জনাইছে।

No comments

Powered by Blogger.