Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

স্পীড স্কেটিং প্ৰতিযোগিতাত আজাৰাৰ ছয় বছৰীয়া ভাৰ্গবৰ দুটা সোণৰ পদক লাভ


 গুৱাহাটী, ৪ নৱেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা নিবাসী  ৬ বছৰীয়া ভাৱনীশ ভাৰ্গৱ বৰুৱাই  সদৌ অসম স্পীড স্কেটিং প্ৰতিযোগিতাত ৩০০ মিটাৰ আৰু ৫০০ মিটাৰ উভয় শাখাতে সোণৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসম স্পীড স্কেটিং এছ'চিয়েচনৰ উদ্যোগত ডুলীয়াজানত  ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৱনীশে দক্ষিণ কামৰূপ জিলাক প্ৰতিনিধিত্ব কৰি এই কৃতিত্ব অৰ্জন কৰে।

ভাৱনীশ হৈছে ৰিদীপ জ্যোতি বৰুৱা আৰু লীনা কলিতা বৰুৱাৰ পুত্ৰ। তেওঁৰ প্ৰশিক্ষক হৈছে জয়দীপ মহন্ত।

কণমানি ভাৱনীশৰ এই  সাফল্যই পৰিয়াল তথা সমগ্ৰ  অঞ্চললৈ  গৌৰৱ কঢ়িয়াই আনিছে।

No comments

Powered by Blogger.