অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৰাণীৰ মৃণাল তালুকদাৰৰ স্বৰ্ণ পদক লাভ
গুৱাহাটী,২ নৱেম্বৰ : অসম অলিম্পিক সন্থাৰ অধীনৰ সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত গুৱাহাটীৰ কাৰাটে এছ’চিয়েচনৰ সহযোগত যোৱা ৩১ অক্টোবৰ আৰু পহিলা নৱেম্বৰত গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ ২০২৬ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত চাব জুনিয়ৰ শাখাৰ ৪৫ কিলোগ্ৰাম ওজনৰ কাৰাটেত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ নামপাৰা গাওঁৰ জিতুমণি তালুকদাৰ আৰু পাৰুল তালুকদাৰৰ একমাত্ৰ পুত্ৰ মৃণাল তালুকদাৰে (১১) স্বৰ্ণ পদক লাভ কৰে ।
আনহাতে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ,বিভাগীয় বিষয়াসকলৰ লগতে কাৰাটে খেলৰ লগত জড়িত কেবাজনো প্ৰবীণ আৰু নবীন খেলুৱৈ।


No comments