গুৱাহাটী বিশ্ববিদ্যালয়ত Inclusive Communication for Resilience’ শীৰ্ষক বিশেষ কৰ্মশালাৰ আৰম্ভণি
গুৱাহাটী, ৮ অক্টোবৰ, ২০২৬: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু চেণ্টাৰ ফৰ ব্ৰহ্মপুত্ৰ ষ্টাডিজৰ সহযোগত বৃহস্পতিবাৰে ‘Inclusive Communication for Resilience’ শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয়।
অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই দুৰ্যোগৰ সময়ত সাংবাদিকতা আৰু যোগাযোগ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
তেখেতে উক্ত পদক্ষেপক প্ৰশংসা কৰি উল্লেখ কৰে , "দুৰ্যোগৰ সময়ত আতংক আৰু বিভ্ৰান্তি হ্ৰাস কৰি জনসাধাৰণক সময়োপযোগী, নিৰ্ভৰযোগ্য আৰু সঠিক তথ্য প্ৰদান কৰাটো সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। দুৰ্যোগৰ সময়ত সঠিক তথ্যই কেৱল মানুহক সজাগেই নকৰে, ই বহু সময়ত মানুহৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে সংবাদ মাধ্যম আৰু সাংবাদিকসকলে দায়িত্বশীল, সংবেদনশীল আৰু তথ্যভিত্তিক সংবাদ পৰিৱেশনৰ ওপৰত অধিক গুৰুত্ব দিয়াতো অতি প্ৰয়োজন।"
যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই অসমৰ বিভিন্ন জিলাত সংঘটিত বানপানী আৰু অন্যান্য দুৰ্যোগৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ বিভিন্ন ৰাজ্যত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰে।
তেখেতে কয় যে, “দুৰ্যোগৰ মোকাবিলা কেৱল প্ৰশাসনৰ দায়িত্ব নহয়, ই সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ সামূহিক দায়িত্ব। সঠিক যোগাযোগ, সময়োপযোগী তথ্য আৰু জনসচেতনতাই দুৰ্যোগৰ ক্ষয়-ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। কোনো ঘটনাৰ পূৰ্বানুমানৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয়। আমি আশাবাদী, এই পদক্ষেপে আগন্তুক দিনত সম্ভাৱনাৰ নতুন দিশ সূচনা কৰিব।"
উক্ত অনুষ্ঠানতে কৰ্মশালাৰ সমন্বয়ক ড° ভাৰতী ভৰালী আৰু ড° অনুপা লহকৰ গোস্বামীৰ সম্পাদিত ‘Compendium on Climate Change Communication: Narratives on India’s North East’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত জলবায়ু পৰিৱৰ্তন আৰু যোগাযোগৰ বিভিন্ন দিশ, আখ্যান আৰু সামাজিক প্ৰভাৱৰ বিভিন্ন বিষয় সন্নিবিষ্ট কৰা হৈছে। অনুষ্ঠানত FROM PERCEPTION TO ACTION : A PHOTOGRAPHIC CHRONICLE OF CLIMATE CHANGE ADVOCACY AND THE ROLE OF MEDIA IN ASSAM (2025) শীৰ্ষক ফটোবুক উন্মোচন কৰা হয়।
অনুষ্ঠানত অধ্যাপক (ডা:) জ্যোতি হাজৰিকা (Director, Lokopriya Gopinath Bordoloi Regional Institute of Mental Health, Tezpur), শ্ৰী মতী পাৱনী গুপ্তা, আই আই এছ (Joint Director, Press Information Bureau, Guwahati)ই বিষয়বস্তুৰ লগত সংগতি ৰাখি নিজৰ মন্তব্য প্ৰকাশ কৰে। মন্দিৰা বুঢ়াগোহাঁই (Project Manager, ASDMA, Knowledge Management and Climate Change)য়ে কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
সমন্বয়ক ড⁰ ভাৰতী ভৰালীয়ে কৰ্মশালা সম্পৰ্কে উল্লেখ কৰে যে, "আমি দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে বিষয়সমূহক অধিক গুৰুত্ব দিব লাগিব, বিশেষকৈ অসমৰ দৰে এখন ৰাজ্যত, যিখন বানপানী, খহনীয়া, ভূমিস্খলন আদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি যথেষ্ট সংবেদনশীল। দুৰ্যোগ ব্যৱস্থাপনাক কেৱল চৰকাৰ বা প্ৰশাসনৰ দায়িত্ব হিচাপে নলৈ ই সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ সামূহিক দায়িত্ব বুলি আমি বুজিব লাগিব। সজাগতা, আগতীয়া প্ৰস্তুতি আৰু দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ সক্ষমতা বৃদ্ধি কৰাত আমি অধিক গুৰুত্ব দিব লাগিব। এই ক্ষেত্ৰত শিক্ষা আৰু সঠিক যোগাযোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষানুষ্ঠান আৰু সমাজত দুৰ্যোগ ব্যৱস্থাপনাক অধিক গুৰুত্ব দিলে আমি আমাৰ সমাজখনক অধিক সুৰক্ষিত আৰু দুৰ্যোগৰ মোকাবিলাত অধিক সক্ষম কৰি তুলিব পাৰিম।"
অনুষ্ঠানত মুক্তাৰাম ডেকা (Project Manager, DRR, ASDMA), ড⁰ সুৰজিৎ বৰুৱা (Senior Consultant, Disaster Management, ASDMA), শ্ৰী লিম্পিমণি তালুকদাৰ (Project Officer, ASDMA, Awareness Generation), অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক শিক্ষাৰ্থী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।


No comments