Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণী সংৰক্ষিত বনাঞ্চলৰ দাঁতিত দুষ্ট চক্ৰই পেলোৱা ম্যাদ উকলা গাখীৰৰ পেকেট আঁতৰ কৰিলে বন বিভাগে ; সচেতন নাগৰিকৰ আদৰণি ; দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

 


গুৱাহাটী, ১১ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তবৰ্তী ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ কাৱাছিং সংৰক্ষিত বনাঞ্চলৰ দাঁতিৰে যোৱা মাইৰাং - ৰাণী সংযোগী এন ই চি পথৰ কাষত দুদিন পূৰ্বে কোনো দুষ্ট চক্ৰই পেলোৱা Mother Dairy Aadvik Toned Milk ৰ ম্যাদ উকলা গাখীৰৰ বুজন পৰিমাণৰ পেকেটসমুহ বন বিভাগে ১০ অক্টোবৰত  আঁতৰ কৰি ঠাইখিনী আগৰ দৰে চাফ চিকুণ কৰিছে। জানিব পৰা মতে নিশাৰ আন্ধাৰৰ সুযোগ লৈ দুদিন পূৰ্বে কোনো দুষ্ট চক্ৰই গাড়ীৰে ম্যাদ উকলা গাখীৰৰ পেকেট সমুহ পেলাইছিল।  ফলত অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছিল । 

হাতীকে ধৰি বিভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ জন্তুৰ বাসস্থান আৰু অহা যোৱা কৰা কৰিডৰ হিচাপে পৰিচিত বনাঞ্চলখনৰ দাঁতিত তেনে কাৰ্যই প্ৰাকৃতিক পৰিৱেশ প্ৰদূষিত হোৱাৰ লগতে বনাঞ্চলৰ জীৱ-জন্তুৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিব পাৰে বুলি অঞ্চলটোৰ সচেতন নাগৰিকসকলে ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ লগতে স্থানীয় শুকুৰবৰীয়া খণ্ড বন বিষয়া কাৰ্যালয়কো অবগত কৰিছিল। অৱশেষত ১০ অক্টোবৰত ৰাণী আঞ্চলিক বন বিষয়া ৰজী বৰ্মনৰ নিৰ্দেশত শুকুৰবৰীয়া খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে বনাঞ্চলৰ দাঁতিত পেলাই যোৱা গাখীৰৰ পেকেটসমুহ আঁতৰ কৰাৰ লগতে ঠাইখিনী আগৰ দৰে চাফ চিকুণ কৰি তোলে। অৱশ্যে সচেতন নাগৰিকসকলে বন বিভাগৰ এই কাৰ্যক আদৰণি জনোৱাৰ লগতে কোনে এনে ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিছে তাৰ এক তদন্ত কৰি  দোষীৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

No comments

Powered by Blogger.