অসম গৌৰৱ বঁটা ২০২৫-ৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনজিৎ তালুকদাৰ
গুৱাহাটী, ২৪ অক্টোবৰ: অসমৰ প্ৰাচীন সাঁচিপাতসমূহৰ সংৰক্ষণ, উদ্ধাৰ, বৈজ্ঞানিক পদ্ধতিৰে সংবৰ্ধন আৰু পঠন-পাঠনৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱাৰ স্বীকৃতিস্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি সংৰক্ষণ বিভাগৰ সহ-সংৰক্ষক শ্ৰী ধনজিৎ তালুকদাৰে সন্মানীয় ‘অসম গৌৰৱ বঁটা ২০২৫’ লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ ঐতিহ্য, ইতিহাস আৰু জ্ঞান-সম্পদ সংৰক্ষণৰ ক্ষেত্ৰখনলৈ তেখেতে মূল্যৱান অৱদান আগবঢ়াই আহিছে।
উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে তেখেতক অভিন্দন জ্ঞাপন কৰি উল্লেখ কৰে যে, "শ্ৰী ধনজিৎ তালুকদাৰে লাভ কৰা 'অসম গৌৰৱ বঁটা ২০২৫' গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। পাণ্ডুলিপি সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত তেওঁৰ অৱদানে আমাৰ ঐতিহাসিক তথা সাংস্কৃতিক সম্পদসমূহ সংৰক্ষণৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰি আহিছে। এনে স্বীকৃতিয়ে কেৱল এগৰাকী ব্যক্তিৰ কৰ্মৰাজিকে সন্মানিত নকৰে, বৰঞ্চ ঐতিহ্য সংৰক্ষণৰ সৈতে জড়িত সকলো কৰ্মীকে অনুপ্ৰাণিত কৰে। বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা মই তেওঁক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁৰ ভৱিষ্যৎ কৰ্মজীৱনৰ উত্তৰোত্তৰ সফলতা কামনা কৰিছোঁ।”
বঁটা প্ৰাপক ধনজিৎ তালুকদাৰে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি কয়, “এই বঁটা আমাৰ বাবে এক বিশেষ প্ৰেৰণাৰ উৎস। এই সন্মানৰ বাবে মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱ, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাদেৱ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তেওঁলোকৰ সহায়-সহযোগিতা আৰু উৎসাহৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশাবাদী যে ভৱিষ্যতেও অসমৰ চহকী সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ হকে নিষ্ঠাৰে কাম কৰি যাব পাৰিম।”
উল্লেখযোগ্য যে ধনজিৎ তালুকদাৰে পূৰ্বৰে পৰাই সাঁচিপাতসমূহ সংৰক্ষণ তথা ভৱিষ্যত প্ৰজন্মলৈ ইয়াৰ ঐতিহ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন কৰ্মশালা তথা বিভিন্ন পদ্ধতিৰে অহোপুৰুষাৰ্থ কৰি আহিছে। শেহতীয়াকৈ বানবিধ্বস্ত ঐতিহাসিক মেধিজন শ্ৰী শ্ৰী গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছিল। তেখেতৰ এই সাফল্যই অসমৰ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত কৰ্মৰত আনসকলকো অনুপ্ৰাণিত কৰিব বুলি বিশ্ববিদ্যালয়ে আশা প্ৰকাশ কৰিছে।





No comments