Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

সৰুসজাই ষ্টেডিয়ামত ৩০ আসাম এন চি চি বেটেলিয়ানৰ প্ৰশিক্ষণ শিবিৰৰ


গুৱাহাটী , ১৫ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ  গুৱাহাটীস্থিত ৩০ আসাম  এন চি চি বেটেলিয়ানৰ প্ৰশিক্ষণ দহদিনীয়া শিবিৰ ৮ অক্টোবৰৰ পৰা সৰুসজাই ষ্টেডিয়ামত চলি আছে। অহা ১৭ অক্টোবৰত সামৰণি পৰিবলগীয়া শিবিৰত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ জুনিয়ৰ আৰু চিনিয়ৰ ডিভিজনৰ প্ৰায় ৫০০ জন কেডেটে ভাগ লৈছে। আনহাতে শিবিৰটো মুকলি কৰিছিল ৩০ আসাম এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচৰ কৰ্ণেল তাপস মণ্ডলে।। প্ৰশিক্ষণ শিবিৰত  বেটেলিয়ানৰ অধীনৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৪৮২জনী জুনিয়ৰ আৰু ছিনিয়ৰ কেডেট, ৬ জন সহযোগী এন চি চি বিষয়াই ভাগ লয় ।


 আনহাতে  দহদিনীয়া শিবিৰত কেডেট সকলক .২২ বৰৰ ৰাইফল চালনাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও শাৰীৰিক অনুশীলন, দক্ষতা বিকাশ , পেৰেড, ড্ৰিল, মেপ  ৰিডিং, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ  উপায় আদিৰ  প্ৰশিক্ষণ দিয়া হৈছিল।

 তেনেদৰে এন ডি আৰ এফৰ  সহযোগত দুৰ্যোগত আক্ৰান্ত লোকক  নিৰাপদে উদ্ধাৰ কৰা, দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ দিয়া হৈছিল । সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেডেট সকলে দেশপ্ৰেম মূলক নৃত্য - গীত আদি  প্ৰদৰ্শন কৰে।  ইয়াৰ উপৰিও এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ, ব্ৰিগেডিয়াৰ এন চি খুমানে ১১ অক্টোবৰত শিৱিৰ পৰিদৰ্শন কৰি কেডেটসকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লৈ সকলো কেডেটৰ উজ্বল ভবিষ্যত কামনা কৰাৰ লগতে 'বিকশিত ভাৰত - ২০৪৭' ৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে । ইয়াৰ উপৰিও ব্ৰিগেডিয়াৰ খুমানে এন চি চিৰ 'একতা আৰু অনুশাসন' শীৰ্ষক  মূল লক্ষ্যৰ ওপৰত বাখ্যা দাঙি ধৰি কেডেটসকলক বাস্তৱ জীৱনত অনুশাসন মানি চলি একো একোজন সুনাগৰিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

No comments

Powered by Blogger.