Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ আৰক্ষী স্মৃতি দিৱস পালন


গুৱাহাটী,২৩ অক্টোবৰ  : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ  মুখ্য কাৰ্যালয় চৌহদত ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে দেশৰ হকে কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি স্মৃতি নিৱেদন কৰে ১৭৫ চি আৰ পি এফৰ দ্বিতীয় কমাণ্ড অধিকাৰী অমিত সিনহাই ।

 ইয়াৰ উপৰি বীৰ শ্বহীদ বিষয়া- জোৱানৰ চৰম আত্মত্যাগক সোঁৱৰণ কৰি চৌহদত দুই মিনিট মৌন প্রার্থনা কৰা হয়। অনুষ্ঠানত দ্বিতীয় কমাণ্ড অধিকাৰী অমিত সিনহাই আৰক্ষী স্মৃতি দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰি কয় ১৯৫৯ চনৰ ২১ অক্টোবৰত ভাৰত- চীন সীমান্তৰ লাডাখত চীনা সৈন্যই চি আৰ পি এফৰ এটা টহলদাৰী দলক আক্ৰমণ কৰি ১০ জন বীৰ জোৱানক নিহত কৰা ঘটনাৰ সোঁৱৰণত প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটোক সমগ্ৰ দেশজুৰি আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে। অনুষ্ঠানত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ  কেবাজনো বিষয়া উপস্থিত আছিল।

No comments

Powered by Blogger.