Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

প্ৰজ্ঞাৰ উদ্যোগত *ভাৰতমাতা পূজন- ৫১২৮*


 গুৱাহাটী, 13 অক্টোবৰ, ২০২৬: ভাৰতীয় সভ্যতা-সংস্কৃতি, সনাতন পৰম্পৰা, ৰাষ্ট্ৰীয় চেতনা আৰু দেশপ্ৰেমৰ মহান আদৰ্শক নতুন প্ৰজন্মৰ মাজত প্ৰসাৰিত কৰাৰ লক্ষ্যৰে প্ৰজ্ঞাৰ উদ্যোগত আয়োজন কৰা হৈছে ‘ভাৰতমাতা পূজন, ৫১২৮’। অহা ১৫ অক্টোবৰৰ পৰা ২০ অক্টোবৰ, ২০২৬লৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

ভাৰতবৰ্ষৰ গৌৰৱময় ইতিহাস, প্ৰাচীন জ্ঞান-সাধনা, আধ্যাত্মিক পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক স্মৰণ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেম, নৈতিক মূল্যবোধ, সামাজিক দায়বদ্ধতা আৰু ৰাষ্ট্ৰীয় একাত্মবোধ জাগ্ৰত কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য। 


এইবাৰৰ ভাৰতমাতা পূজনৰ অন্যতম বিশেষ আকৰ্ষণ হ’ব  ১৫ অক্টোবৰ পুৱা ১০ বজাত দেশপ্ৰেমমূলক গীতত দলীয়  নৃত্য প্ৰতিযোগিতা, বিয়লি ৪:৩০ বজাত  ভাৰতমাতাৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি ৫ বজাত মুকলি সভা লগতে অখণ্ড ভাৰতবৰ্ষৰ সুবৃহৎ প্ৰতিকৃতিৰ চৌপাশে আধ্যাত্মিক আৰু সাংগীতিক উপাদানেৰে সমৃদ্ধ প্ৰদক্ষিণ৷ এহাজাৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীৰ কণ্ঠত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ সমূহীয়া পৰিৱেশন আৰু বাল্মীকি সংগীত বিদ্যালয়ৰ ৫০০ শিল্পীৰ সামূহিক নৃত্য প্ৰদৰ্শন৷ ১৬ অক্টোবৰ সন্ধিয়া ৫ বজাত “ গুৰু পূজন” অনুষ্ঠান আৰু অকণিৰ ৰামধেনু শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান৷ ১৭ তাৰিখ পুৱা ১১ বজাত “কন্যা পূজন” অনুষ্ঠান আৰু সন্ধিয়া ৫ বজাত “মহীয়সী মাতৃ সন্মান” অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰতি সন্ধিয়া  লোকসংগীত, লোকনৃত্য, লোকবাদ্য, ধ্ৰুপদী নৃত্য, জনজাতীয় কলা-সংস্কৃতি আৰু ঐতিহ্যমণ্ডিত মাজুলীৰ মুখা শিল্পৰ নাট্যাভিনয়কে ধৰি প্ৰতি দিনৰ  বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত “গীতিমালিকা” “স্ৰোতস্বিনী” “সোণালী সুৰৰ সুবাস” “সুৰীয়া সন্ধিয়া” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ইয়াৰ লগতে প্ৰতি সন্ধিয়া  শিশুসকলৰ মনোৰঞ্জন আৰু জ্ঞানবৰ্ধনৰ বাবে পুতলা নাচ প্ৰদৰ্শন আৰু বন্দে মাতৰম্ গীতৰ আধাৰত লেজাৰ লাইট শ্ব’ অনুষ্ঠানৰ ব্যৱস্থা থাকিব।

ভাৰতমাতা পূজন অনুষ্ঠানৰ প্ৰথম দিনতে ভাৰতৰ গৌৰৱময় ঐতিহ্য আৰু প্ৰাচীন পৰম্পৰাৰ বিভিন্ন দিশ সামৰি এখন আটকধুনীয়া প্ৰদৰ্শনী মুকলি কৰা হ’ব এই প্ৰদৰ্শনী প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব। প্ৰদৰ্শনীৰ জৰিয়তে দৰ্শকে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ সুযোগ লাভ কৰিব।

আয়োজক সমিতিয়ে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, ছাত্ৰ-ছাত্ৰী, যুৱক যুৱতী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক এই অনুষ্ঠানৰ সৈতে জড়িত হৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আন্তৰিক আহ্বান জনাইছে।

No comments

Powered by Blogger.