Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণী কাঁহাৰপাৰাত কঙালী বিহু আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন


গুৱাহাটী,১৭ অক্টোবৰ : বিগত বছৰবোৰৰ দৰে এইবেলিও গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী কাঁহাৰপাৰাস্থিত অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান  'বিষ্ণু-জ্যোতি সংঘ'ৰ সৌজন্যত কাঁহাৰপাৰাবাসী ৰাইজে ১৮ অক্টোবৰত  এদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে কঙালী বিহু উদযাপনৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। সংঘৰ সভাপতি পৰাগজ্যোতি দাস, উপ সভাপতি ৰজনী দাস আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ দাসে (২)  জানিবলৈ দিয়া মতে সিদিনা পুৱা ৮.৩০ বজাত বিহু পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত গছপুলি ৰোপণ, খেল ধেমালী প্ৰতিযোগিতা , ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হব। সন্ধিয়া ৫.১৫ বজাৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। নিশা ৮ বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হব। ৮.৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই। নিশা ৯ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী ডেইজী দাস, পল্লৱী প্ৰিয়াসী ভট্টাচাৰ্য ,  বাবু নয়নকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত , এট'ম ষ্টাৰ ডান্স গ্ৰুপে নৃত্য আৰু জনগোষ্ঠীয় নৃত্যশিল্পীৰ দলে অনুষ্ঠান পৰিৱেশন কৰিব। আনহাতে কঙালী বিহুৰ লগতে সাংস্কৃতিক অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সমাজকৰ্মী মুনীন্দ্ৰ কুমাৰ দাসক সভাপতি , ৰজনীকান্ত দাসক উপ সভাপতি, ধৰ্মেন্দ্ৰ দাস (২) , ৰজনী দাস আৰু মুনীন্দ্ৰ দাস ( মুনীন) ক সম্পাদক , অৰ্ণৱ দাস আৰু ধনঞ্জয় দাসক সম্পাদক হিচাপে লৈ কঙালী বিহু উদযাপন সমিতিখন গঠন কৰা হৈছে ।

No comments

Powered by Blogger.