ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে আজাৰাত আৰক্ষী - গাওঁৰক্ষী বাহিনী আৰু নাগৰিক সমিতিৰ উদ্যোগত সজাগতা সমদল
গুৱাহাটী , ১১ অক্টোবৰ: অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘ড্ৰাগছমুক্ত অসম’ গঢ়াৰ সপোন বাস্তৱায়িত কৰা , যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ভয়াবহতাৰ বিৰূদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ আজাৰা আৰক্ষী থানা আৰু থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনী - নাগৰিক সমিতিৰ যৌথ উদ্যোগত আজি দিনৰ ভাগত এক সজাগতা সমদল উলিওৱা হয়।
আজাৰা থানাৰ পৰা আজাৰা ৰাজহুৱা সভাঘৰলৈ এক সজাগতা সমদল উলিওৱা হয়। সমদলটো মুকলি কৰে আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ চন্দ্ৰ নাথে। আনহাতে আজাৰা থানাৰ ছেকেণ্ড অফিচাৰ লুতফুৰ ৰহমানকে ধৰি আৰক্ষীৰ কেবাজনো লোক, আজাৰা থানাৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰুবুল বৈশ্য,নাগৰিক সমিতিৰ কৰ্মকৰ্তা পদ্মেশ্বৰ মজুমদাৰ , ধাৰাপুৰ গাঁৱৰ চৰকাৰী গাওঁবুঢ়া ধৰ্মকান্ত কলিতা, মাজিৰগাঁৱৰ চৰকাৰী গাওঁবুঢ়া হৰেন কলিতা , আজাৰা গাঁৱৰ চৰকাৰী গাওঁবুঢ়া শৰৎ দাসকে ধৰি সমদলত বহু বিশিষ্ট ব্যক্তিয়ে ভাগ লয় ।
সমদলত ভাগ লোৱা সকলোৱে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ "Say no to Drugs, Yes to Life" বাণী প্ৰদৰ্শন কৰে । উল্লেখ্য যে নিচামূক্ত অভিযানৰ লগত সংগতি ৰাখি আয়োজন কৰা এই সজাগতা সমদলৰ মূল লক্ষ্য আছিল যুৱ প্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি সচেতন কৰা, নিচাযুক্ত দ্ৰব্যৰ পৰা দূৰত ৰখা আৰু শিক্ষা, ক্ৰীড়া তথা এক সুস্থ-সবল জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰাই আছিল মূল উদ্দেশ্য ।

No comments