অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠকত লেখিকা নিজৰা বৰুৱা কলিতাৰ গ্ৰন্থ "প্ৰেৰণাৰ মহীৰূহ" উন্মোচন
গুৱাহাটী ১০ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ১১২ সংখ্যক মাহিলী বৈঠকখন ১০ অক্টোবৰত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ নতুন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ বৈঠকত বিশিষ্ট লেখিকা নিজৰা বৰুৱা কলিতাৰ "প্ৰেৰণাৰ মহীৰূহ" শীৰ্ষক প্ৰথমখন গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰি অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীসকলক সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰাব লাগে । গ্ৰন্থ অধ্যয়নৰ প্ৰতি তেওঁলোকৰ মনত কিছু শংকা আৰু সংকোচ আহি পৰা দৃষ্টিগোচৰ হৈছে । লিখাৰ প্ৰতি আগ্ৰহী কৰাব লাগে । অন্বেষ গোষ্ঠীৰ স্থায়ী সভাপতি ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত সম্পাদক পৰীক্ষিত হালৈয়ে উপস্থিত সমুহ সদস্যকে সাদৰ সম্ভাষন জনাই বৈঠকৰ উদ্দেশ্য বাখ্যা কৰে ৷ সহকাৰী সম্পাদক অতুল কলিতাই আদৰণি ভাষণৰ লগতে বিগত ১১১ সংখ্যক বৈঠকৰ কাৰ্য বিবৰণী পাঠ কৰে ৷ বৈঠকত অন্বেষ গোষ্ঠীৰ "সৃষ্টিৰ অন্বেষ" শীৰ্ষক তিনিমহীয়া আলোচনীখনৰ অক্টোবৰ-ডিচেম্বৰ সংখ্যাটো উন্মোচন কৰা-হয় । বৈঠকত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ডঃ প্ৰদীপ কলিতা, বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাস, প্ৰশান্ত কুমাৰ গোস্বামী, বাণীকান্ত গোস্বামী, ত্ৰিবেণী দাস, ৰামছাৰাণী জিলা পৰিষদৰ সদস্যা গিৰিজা মেধি, অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কাকতি, সাহিত্যিক জগদীশ গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । বৈঠকত লেখিকা নিজৰা বৰুৱা কলিতাই গ্ৰন্থখন সন্দৰ্ভত নিজৰ অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰিছে। বৈঠকত অন্বেষ গোষ্ঠীৰ সদস্যসকলে কবিতা, গীত আদি পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷ সহকাৰী সম্পাদক অতুল কলিতাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অন্বেষ গোষ্ঠীৰ শীৰ্ষ গীতটো পৰিৱেশন কৰে । আনহাতে জাতীয় সংগীত পৰিবেশনেৰে মাহিলী বৈঠকৰ সামৰণি মৰা হয় ৷

No comments