Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

পাণ্ডুনাথ দেৱালয়ত গণেশ চতুৰ্থীৰ আয়োজন


গুয়াহাটি, ৮ ছেপ্টেম্বৰ : গুৱাহাটীৰ  পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্ৰাংগনত বিগত বছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী পাণ্ডু গণেশ চতুৰ্থী উদযাপন সমিতিৰ উদ্যোগত  অহা ১৪ ছেপ্টেম্বৰত গণেশ  চতুর্থী উদযাপনৰ আয়োজন কৰা হৈছে। সিদিনা পুৱা ৮.৩০ বজাত পূজা - অৰ্চনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত ১১ বজাৰ পৰা মহা আৰতি , দুপৰীয়া ১২   বজাৰ পৰা অমৃত ভাণ্ডাৰা অনুষ্ঠিত হব । সন্ধিয়া  নাম - কীৰ্ত্তন অনুষ্ঠিত হব। উদ্যোক্তাসকলৰ হৈ শ্ৰী শ্ৰী গণেশ চতুৰ্থী উদযাপন  সমিতিৰ  মুখ্য উপদেষ্টা নিমাই চন্দ্ৰ দাস , সভাপতি অজয় পোদ্দাৰ , সম্পাদক  ৰবি কুণ্ডলিয়া আৰু  কোষাধ্যক্ষ কমল সিং গোলছাই এটা বিবৃতিত সিদিনাৰ গনেশ চতুৰ্থীৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

No comments

Powered by Blogger.