Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচন সম্পৰ্কে উত্থাপিত অভিযোগ সন্দৰ্ভত


শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন সম্পৰ্কত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত আৰু প্ৰচাৰিত অভিযোগ সম্পৰ্কীয় বাতৰিসমূহ নিৰ্বাচন সমিতি তথা বিশ্ববিদ্যালয় কর্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছে। উক্ত উত্থাপিত অভিযোগসমূহ প্ৰামাণিক তথ্য আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। 

সম্পূৰ্ণ নিৰ্বাচন প্ৰক্ৰিয়াটো লিংডো সমিতিৰ অন্তৰ্গত নীতি নিয়ম অনুসৰি নিৰ্বাচন সমিতিৰ প্ৰচলিত পদ্ধতিৰে সম্পন্ন কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াটোত সংশ্লিষ্ট নিয়মাৱলী যথাযথভাৱে পালন কৰা হৈছে আৰু প্ৰয়োজনীয় স্বচ্ছতা তথা ন্যায়সংগত পদ্ধতি বজাই ৰখাৰ ক্ষেত্ৰত নিৰ্বাচন সমিতিয়ে যথোচিত গুৰুত্ব আৰোপ কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়ত প্ৰয়োজনীয় স্বচ্ছতা বৰ্তাই ৰখা হৈছে। উক্ত নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ কোনো ধৰণৰ হস্তক্ষেপ তথা সম্পৰ্ক নাই। লিংডো সমিতিৰ নিয়ম অনুসৰি নিৰ্বাচন সমিতিয়ে নিজৰ দায়িত্ব আগুৱাই লৈ গৈছে। 

সেয়েহে, সমূহ প্ৰাৰ্থী, শিক্ষাৰ্থী তথা সংশ্লিষ্ট সকলো পক্ষকে শান্তি-শৃংখলাপূৰ্ণ পৰিৱেশ অটুট ৰাখি নিৰ্বাচন প্ৰক্ৰিয়াটো সুস্থ আৰু সুচাৰুৰূপে সম্পন্ন কৰাত নিৰ্বাচন সমিতিক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ল। 


গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষ

No comments

Powered by Blogger.