Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জুবিন দিৱস উপলক্ষে আন্তঃ বি.এড. মহাবিদ্যালয় একক সংগীত প্ৰতিযোগিতা সম্পন্ন


গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ জুবিন গাৰ্গৰ অমৰ সংগীত আৰু সাংস্কৃতিক অৱদানক স্মৰণ কৰি কালি অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, লংকেশ্বৰত জুবিন দিৱস উপলক্ষে আন্তঃ বি.এড. মহাবিদ্যালয় একক সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়।


অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালৱিকা কলিতা বৰদলৈয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। শিক্ষয়িত্ৰী নাছৰিণ চেলিমা হুছেইনে জুবিন গাৰ্গৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে।মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তৃষা ৰাণী শৰ্মা আৰু শিশু শিল্পী জিজ্ঞাস ৰঞ্জনে জুবিন গাৰ্গৰ এটি এটি গীত পৰিৱেশন কৰি প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


ইয়াৰ পিছতে অনুষ্ঠিত একক সংগীত প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেইবাখনো বি.এড. মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত বাইহাটা চাৰিআলি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰী পল্লৱী মালাকৰে প্ৰথম স্থান, ডঃ অনিতা বৰুৱা শৰ্মা কলেজ অৱ এডুকেচনৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে ধ্ৰুৱজ্যোতি  দাসে দ্বিতীয় স্থান আৰু সঙ্গীতা গোস্বামীয়ে তৃতীয় স্থান লাভ কৰে।


আনহাতে, বিচাৰকৰ বাচনিত মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰী চয়নিকা বড়ো আৰু জুহিতা কলিতাক উদগনিমূলক বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।


 প্ৰতিযোগিতাৰ বিজয়ীসকলক লোক শিল্পী প্ৰতিমা পাটোৱাৰী সোঁৱৰণী বঁটা প্ৰদান কৰে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালৱিকা কলিতা বৰদলৈ আৰু  উত্তৰ-পূৰ্বাঞ্চলীয় বৈদ্যুতিক শক্তি নিগম লিমিটেড (NEEPCO)-ৰ প্ৰাক্তন মহাপ্ৰবন্ধক দেবেন চন্দ্ৰ দাস দেৱে।


জুবিন গাৰ্গৰ গীতৰ সুৰেৰে মুখৰিত অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে। সংগীতৰ জৰিয়তে জুবিন গাৰ্গৰ স্মৃতি আৰু তেওঁৰ সাংস্কৃতিক অৱদানক সোঁৱৰণ কৰি অনুষ্ঠিত এই অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ মাজত তেওঁৰ গীত আৰু সৃষ্টিৰ প্ৰতি থকা গভীৰ আকৰ্ষণৰো প্ৰতিফলন ঘটায়। প্ৰতিযোগিতাৰ সমন্বয়ক গৌতম ঠাকুৰীয়াৰ লগতে প্ৰণামী ভূঞা, দীপশিখা মজুমদাৰ, নমিতা গোস্বামী, সাংস্কৃতিক কৰ্মী কমল পাটোৱাৰী, নৱজ্যোতি শৰ্মা, পলাশ জ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি অন্যান্য সকল উপস্থিত থাকে।

No comments

Powered by Blogger.