আজাৰাত ৰমেশ চন্দ্ৰ বৈশ্য সোঁৱৰণী আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতা সম্পন্ন
গুৱাহাটী ,৭ ছেপ্টেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ৬ ছেপ্টেম্বৰত আজাৰা বৰবৰীস্থিত ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰমেশ চন্দ্ৰ বৈশ্য আন্তঃবিদ্যালয় সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।
প্ৰতিযোগিতাত শ্যামভূমি হাইস্কুল , ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় , পলাশবাৰী আঞ্চলিক হাইস্কুল , ছেইণ্ট ক্লাৰেট স্কুল, ছেইণ্ট যোছেফ স্কুল আৰু চন্দ্ৰপ্ৰভা বৰা হাইস্কুল দলে অংশগ্ৰহণ কৰে।
বিয়লি অনুষ্ঠিত চূড়ান্ত খেলখনত ছেইণ্ট ক্লাৰেট স্কুল দলে পলাশবাৰী আঞ্চলিক হাইস্কুল দলক একমাত্ৰ গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। বঁটা বিতৰণী অনুষ্ঠানত কেবাজনো ক্ৰীড়াবিদ আৰু প্ৰাক্তন খেলুৱৈ , আজাৰা ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

No comments