চি আৰ পি এফৰ কম্প'জিট হাস্পতালত 'ছাফাই মিত্ৰ'ক গামোচাৰে সম্বৰ্ধনা
গুৱাহাটী , ৩০ ছেপ্টেম্বৰ : 'স্বচ্ছতা হি সেৱা অভিযান-২০২৬' ৰ অংশ হিচাপে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ ন'মাইলস্থিত গ্ৰুপ চেণ্টাৰ চৌহদত থকা কম্পোজিট হাস্পতালত আজি 'ছাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ' অনুষ্ঠিত হয় । উল্লেখ্য যে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল হাস্পতাল চৌহদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যকৰ পৰিৱেশ বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ছাফাই মিত্ৰসকলৰ স্বাস্থ্য, সুৰক্ষা, কল্যাণ আৰু মৰ্যাদা অক্ষুণ্ণ ৰখা । এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত সভাপতিত্ব কৰে চি আৰ পি এফৰ চিকিৎসা বিভাগৰ মহা পৰিদৰ্শক আৰু কম্প'জিট হাস্পতালৰ চিকিৎসা অধীক্ষক ডাঃ শশী মেহৰে ।
হাস্পতালত ছাফাই মিত্ৰসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে বাবে বিশেষ চিংগল উইণ্ডৰ ব্যৱস্থা কৰা হয় । যাৰ জৰিয়তে তেওঁলোকে একেটা স্থানতে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰাৰ সুবিধা লাভ কৰে। অনুষ্ঠানত মুখ্য চিকিৎসা বিষয়া ডাঃ অনুৰাগ গিৰি, মুখ্য চিকিৎসা বিষয়া আৰু প্ৰশাসনিক বিষয়া ডাঃ ৰাজেন্দ্ৰ বি পি , আৰু জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ কুনা শ্ৰীকাৰকে ধৰি হাস্পতালখনৰ চিকিৎসা বিষয়া, কৰ্মচাৰী আৰু অন্যান্য কৰ্মীসকল উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্ৰসংগত চিকিৎসা বিভাগৰ মহা পৰিদৰ্শক ডাঃ শশী মেহৰে হাস্পতালখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যকৰ পৰিৱেশ বজাই ৰখাত ছাফাই মিত্ৰসকলে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰে। অনুষ্ঠানত ছাফাই মিত্ৰসকলক অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে কৰ্মস্থলীত সুৰক্ষাৰ বাবে গামবুট, গ্লাভছ আৰু সুৰক্ষা জেকেট প্ৰদান কৰা হয়।


No comments