ৰাণীৰ বিক্ৰমপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮সংখ্যক জন্ম জয়ন্তী পালন
গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বিক্ৰমপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিক্ৰমপুৰ প্ৰাথমিক শাখাৰ উদ্যোগত ২১ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮সংখ্যক জন্ম জয়ন্তী ভক্তি আৰু শ্ৰদ্ধাৰে পালন কৰা হয়। মহাপুৰুষজনাৰ জন্ম জয়ন্তী উপলক্ষে পুৱা নামঘৰত নাম প্ৰসংগ অনুষ্ঠিত হয়।
নাম প্ৰসংগ পৰিচালনা কৰে চন্দ্ৰন দাসে। ইয়াৰ পাছত বিক্ৰমপুৰ প্ৰাথমিক শাখাৰ জ্যেষ্ঠ সদস্য দ্বীজেন কলিতাক আদৰণি জনোৱা হয়। প্ৰাথমিক শাখাৰ পতাকা উত্তোলনৰ পিছত নামঘৰত ভাগৱত পাঠ, আই–মাতৃ সকলৰ নাম আৰু অন্যান্য ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অন্তত খোল–তাল, কীৰ্তন আৰু হৰিনাম ধ্বনিৰে গাঁওখনত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত অংশগ্ৰহণকাৰী ভকত, আই–মাতৃ, গায়ন-বায়ন সকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মহাপুৰুষজনাৰ আদৰ্শ আৰু বৈষ্ণৱ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্ম, মানৱতা, ভাতৃত্ববোধ আৰু সামাজিক সংস্কাৰৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই জন্ম জয়ন্তী পালন কৰা হয়। সন্ধিয়া নামঘৰত বন্তি প্ৰজ্বলন কৰা হয়। ভাগৱত পাঠ আৰু প্ৰসাদ বিতৰণৰ জৰিয়তে জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি পৰে বুলি বিক্ৰমপুৰ প্ৰাথমিক শাখাৰ সভাপতি কিৰণ চন্দ্ৰ নাথ , সম্পাদক চন্দ্ৰধৰ দাস আৰু প্ৰচাৰ বিভাগৰ দায়িত্ববাহী জোন ৰাভাই জানিবলৈ দিয়ে।
.jpeg)
No comments