গুৱাহাটী বিশ্ববিদ্যালয়ত থাইলেণ্ডৰ উচ্চপদস্থ প্ৰতিনিধি দলৰ মত-বিনিময়
গুৱাহাটী, ছেপ্টেম্বৰ ২২, ২০২৬ : ভাৰত আৰু থাইলেণ্ডৰ মাজত শৈক্ষিক, সাংস্কৃতিক আৰু প্ৰতিষ্ঠানিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উচ্চপদস্থ প্ৰতিনিধি দল আৰু থাইলেণ্ডৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ Department of South Asian, Middle East and African Affairs-ৰ সঞ্চালক প্ৰধান মহামান্য শ্ৰীমতী উৰাছা মংকলনাভিনৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৰ সৈতে অনুষ্ঠিত উক্ত মত বিনিময়ত শিক্ষা, তথ্য-প্ৰযুক্তি, সংস্কৃতি, প্ৰশিক্ষণ, ইণ্টাৰ্নশ্বিপ আৰু শৈক্ষিক বিনিময়ৰ বিভিন্ন দিশত ভৱিষ্যত সহযোগিতাৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰা হয়।
প্ৰতিনিধি দলটোক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাৰত, থাইলেণ্ড আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু ভাষিক সম্পৰ্কৰ কথা উল্লেখ কৰে।
তেখেতে উক্ত ঐতিহাসিক সংযোগক আধাৰ কৰি শিক্ষা আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে, “থাইলেণ্ড, ভাৰত আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু ভাষিক সংযোগ আমাৰ বাবে এক মূল্যৱান সম্পদ। এই সম্পৰ্কক শৈক্ষিক আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে অধিক সুদৃঢ় কৰাৰ যথেষ্ট সম্ভাৱনা আছে। পৌৰাণিক কালৰে পৰা থাই ভাষাৰ সৈতে প্ৰাচীন টাই-আহোম ভাষাৰ এক ঐতিহাসিক আৰু ভাষিক সম্পৰ্ক বিদ্যমান। এই সম্পৰ্কৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰি অহা বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপে উক্ত সহযোগিতাক অধিক সুদৃঢ় কৰাত এক বিশেষ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী। ভাৰতৰ সামুদ্ৰিক চুবুৰীয়া দেশ হিচাপে থাইলেণ্ডে ASEAN, BIMSTEC, East Asia Summit, Mekong-Ganga Cooperation আৰু IORA আদি মঞ্চত ভাৰতৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি আহিছে। আমি আশাবাদী যে, আগন্তুক দিনসমূহতো দুয়োখন দেশৰ মাজৰ সম্পৰ্কই উন্নতিৰ দিশত নতুন গতি লাভ কৰিব।”
অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীমতী উৰাছা মংকলনাভিনে থাইলেণ্ড-ভাৰত কৌশলগত অংশীদাৰিত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শিক্ষা, পৰ্যটন, সংস্কৃতি, প্ৰশিক্ষণ, ইণ্টাৰ্নশ্বিপ আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত আলোকপাত কৰি তেখেতে কয় যে, “ভাৰত আৰু থাইলেণ্ডৰ মাজত শিক্ষা, পৰ্যটন, সংস্কৃতি, প্ৰশিক্ষণ, ইণ্টাৰ্নশ্বিপ আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা অধিক সম্প্ৰসাৰণ কৰাৰ যথেষ্ট সুযোগ আছে। গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ভাৰতৰ উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহৰ সৈতে ভৱিষ্যতে তথ্য-প্ৰযুক্তি আৰু উচ্চশিক্ষাৰ ক্ষেত্ৰতো অধিক সহযোগিতা গঢ়ি তোলাৰ সম্ভাৱনা আছে।”
আলোচনাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিনিময়, শিক্ষক আৰু গৱেষকৰ সহযোগিতা, প্ৰশিক্ষণ আৰু ইণ্টাৰ্নশ্বিপৰ লগতে তথ্য-প্ৰযুক্তি আৰু উচ্চশিক্ষাৰ ক্ষেত্ৰত সম্ভাব্য যৌথ কাৰ্যসূচী সন্দৰ্ভতো মত-বিনিময় কৰা হয়। থাইলেণ্ড আৰু ভাৰতৰ উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত অধিক সুদৃঢ় প্ৰতিষ্ঠানিক সংযোগ স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
ড⁰ ধূৰ্জ্জটি শৰ্মাই আঁতধৰা উক্ত অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, থাইলেণ্ডৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষদৰ ডীন, শ্ৰেণীসমূহৰ সচিব ড° ৰঞ্জন কুমাৰ কাকতি, বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক, অধ্যাপক, গৱেষক শিক্ষাৰ্থী, চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজৰ বিষয়াববীয়া সমন্বিতে বিশ্ববিদ্যালয়ৰ অন্যান্য সদস্যসকলে অংশগ্ৰহণ কৰে।
উক্ত মত-বিনিময় অনুষ্ঠানে ভাৰত আৰু থাইলেণ্ডৰ মাজত, বিশেষকৈ উচ্চশিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত ভৱিষ্যত সহযোগিতাৰ নতুন সম্ভাৱনাৰ দিশ উন্মোচন কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে।


No comments