Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম ডন বস্কো বিশ্ববিদ্যালয়ত দুদিনীয়া ছেমিকণ্ডাক্টৰ গৱেষণা বিষয়ক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি


 

গুৱাহাটী , ২৭ ছেপ্টেম্বৰ :   গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত  অসম ডন বস্কো বিশ্ববিদ্যালয়  প্ৰাংগণত যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে  দক্ষিণ-পূব এছিয়াত ছেমিকণ্ডাক্টৰ ডিজাইন, এছেম্বলি, টেষ্টিং আৰু পেকেজিঙৰ অগ্ৰগতি-২০২৬ শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয়  গৱেষণা সন্মিলন অনুষ্ঠিত হৈ যায় । সন্মিলনখনত ভাৰতৰ উপৰিও  বিদেশৰ গৱেষক, শিক্ষাবিদ, উদ্যোগৰ প্ৰতিনিধি, ছেমিকণ্ডাক্টৰ বিশেষজ্ঞ আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগে টাইৱানৰ ছেমিকণ্ডাক্টৰ প্ৰযুক্তি গৱেষণা কেন্দ্ৰ, চুং গুঙ বিশ্ববিদ্যালয়, টাইৱান, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই সন্মিলনখনত ছেমিকণ্ডাক্টৰ ডিজাইন, এছেম্বলি, টেষ্টিং আৰু পেকেজিং, উদীয়মান প্ৰযুক্তি, দক্ষ মানৱসম্পদ বিকাশ, উদ্ভাৱন আৰু উদ্যোগ-শিক্ষানুষ্ঠান সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। 

সন্মিলনখনৰ আহ্বায়ক আছিল অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ডঃ মৃগাংক গগৈ আৰু টাইৱানৰ ছেমিকণ্ডাক্টৰ প্ৰযুক্তি গৱেষণা কেন্দ্ৰ, চুং গুঙ বিশ্ববিদ্যালয়ৰ আব্দুল ছাবিৰ আৰু  সহকাৰী আহ্বায়ক আছিল অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ডঃ সমৰ জ্যোতি শইকীয়া, ডঃ সঞ্জীৱ কলিতা আৰু ডঃ কৰেণ দাস । 

২৫ ছেপ্টেম্বৰত অনুষ্ঠিত  উদ্বোধনী অনুষ্ঠানত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য ফাদাৰ জোছেফ নেল্লানাট ,  অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতা ,  গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মা , অসম দক্ষতা বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু পৰামৰ্শ বিভাগৰ ডীন অধ্যাপক সুনন্দন বৰুৱা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মা , আৰু চি-ডেকৰ সঞ্চালক ডঃ জিতেশ চৌধুৰী উপস্থিত থাকে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক, প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। 

সন্মিলনখনৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰতিফলিত হয় ছেমিকণ্ডাক্টৰ প্ৰযুক্তি গৱেষণা কেন্দ্ৰ, চুং গুঙ বিশ্ববিদ্যালয়, টাইৱানৰ অধ্যাপক চেৰ মিং টান ,  মালয়েছিয়াৰ ইউনিভাৰ্চিটি অৱ ছায়েন্সৰ অধ্যাপক কুৱান ইয়ু চিয়ং ,  আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়া ষ্টেট বিশ্ববিদ্যালয়ৰ অধ্যাপক মাধৱন স্বামীনাথন ,  ছিংগাপুৰ ইউনিভাৰ্চিটি অৱ টেকন’লজি এণ্ড ডিজাইনৰ ডঃ সঞ্চালী মিত্ৰ; ছিংগাপুৰৰ এষ্টাৰ কোৱাণ্টাম টেকন’লজিৰ ডঃ ল’ চিট চিয়ং এৰন ,  টাইৱান ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰৰ ডঃ লুং-জিয়ে ইয়াং,  আৰু টাইৱানৰ ইনফিনিয়নৰ উপ-সভাপতি  চি-হাও টানৰ অংশগ্ৰহণেৰে । 

সন্মিলনখনৰ লগত সংগতি চাৰিখন  চাৰিখন বিষয়ভিত্তিক আলোচনা চক্ৰ অনুষ্ঠিত হয় । সন্মিলনৰ অন্যতম আকৰ্ষণ আছিল “এখন অধিক স্মাৰ্ট ভৱিষ্যতৰ বাবে ছেমিকণ্ডাক্টৰ: বাস্তৱ জীৱনৰ প্ৰত্যাহ্বানৰ বাবে উদ্ভাৱনীমূলক সমাধান” শীৰ্ষক হেকাথন । সন্মিলনত অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত ছয়টা কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়। 

এই অধিৱেশনসমূহত চি-ডেক, অসম দক্ষতা বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, এন আই টি মেঘালয়, এন আই টি অৰুণাচল প্ৰদেশ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে । এই সন্মিলনৰ প্ৰতিখন কাৰিকৰী অধিৱেশনত শ্ৰেষ্ঠ উপস্থাপক বঁটা প্ৰদান কৰা হয় । পেনছিলভেনিয়া ষ্টেট বিশ্ববিদ্যালয়, ছেমিকণ্ডাক্টৰ প্ৰযুক্তি গৱেষণা কেন্দ্ৰ, চুং গুঙ বিশ্ববিদ্যালয়, টাইৱান, গুৱাহাটী বিশ্ববিদ্যালয়, অসম দক্ষতা বিশ্ববিদ্যালয়, চি-ডেক, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰ, ইউনিভাৰ্চিটি অৱ ছায়েন্স মালয়েছিয়া, ছিংগাপুৰ ইউনিভাৰ্চিটি অৱ টেকন’লজি এণ্ড ডিজাইন, এষ্টাৰ কোৱাণ্টাম টেকন’লজি, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, ইনফিনিয়ন টাইৱান, ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান, মেঘালয়, ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৰুণাচল প্ৰদেশ আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান নাগালেণ্ডকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে সন্মিলনত অংশগ্ৰহণ কৰে। 

উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ভিতৰত কোৰেল টেকন’লজি, পি এন এছ ছিছ লেবছ, নুমলীগড় ৰিফাইনেৰী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড, এম এম এছ মালয়েছিয়া আৰু টিৰামে টেকন’লজি উল্লেখযোগ্য ।উদ্বোধনী অনুষ্ঠানত চি-ডেকৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

No comments

Powered by Blogger.