অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত যোগ সুস্থতা কেন্দ্ৰৰ শুভ উদ্বোধন।
গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বৃহত্তৰ সমাজৰ মাজত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সুস্থতা বৃদ্ধিৰ উদ্দেশ্যে লংকেশ্বৰস্থিত
অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত Indian Yoga Culture & Yoga Therapy Centre-ৰ সহযোগত অলপতে এটি নতুন যোগ সুস্থতা কেন্দ্ৰ শুভ উদ্বোধন কৰা হয়।
উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে Indian Yoga Culture & Yoga Therapy Centre-ৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষ কৰে বন্তি প্ৰজ্বলন কৰি যোগ সুস্থতা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অনুষ্ঠানত যোগাচাৰ্য শুভাশীষ কৰে যোগৰ গুৰুত্ব আৰু সুস্থ, সুষম জীৱন-যাপনৰ ক্ষেত্ৰত যোগৰ ভূমিকা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আৰু জ্ঞানবৰ্ধক বক্তব্য আগবঢ়ায়। শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অধ্যাপক ড° মুক্তা বিশ্বাসে সভাপতিত্ব কৰে। সভাপতিগৰাকীয়ে তেওঁৰ ভাষণত নৱপ্ৰতিষ্ঠিত যোগ সুস্থতা কেন্দ্ৰটোক মহাবিদ্যালয়খনৰ বাবে এক গৌৰৱময় অধ্যায়ৰ শুভাৰম্ভ বুলি অভিহিত কৰে।অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মালবিকা কলিতা বৰদলৈয়ে উপস্থিত সকলো অতিথি, শিক্ষক-শিক্ষয়িত্ৰী আৰু যোগৰ সৈতে জড়িত ব্যক্তিসকলক আন্তৰিক আদৰণি জনায়। আদৰণি ভাষণত তেওঁ যোগ সুস্থতা কেন্দ্ৰ স্থাপনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ আৰু সুস্থতাৰ ক্ষেত্ৰত কেন্দ্ৰটোক এক অৰ্থপূৰ্ণ মঞ্চ হিচাপে গঢ়ি তোলাৰ আশা প্ৰকাশ কৰে।
অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ আলোচক কালিচান্দ সেন বিশেষ অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকি যোগ সংস্কৃতিৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৰু জ্ঞানবৰ্ধক বক্তব্য আগবঢ়ায়। তেওঁ অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত যোগ সুস্থতা কেন্দ্ৰ স্থাপনৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে আৰু কেন্দ্ৰটোৱে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় সমাজৰ কল্যাণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।
বিশিষ্ট অতিথি পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° শান্তনু ৰয় চৌধুৰীয়ে অনুষ্ঠানত বক্তব্য আগবঢ়াই বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতাৰ বিষয়ে আলোকপাত কৰে। তেওঁ সুস্থ শৰীৰ আৰু শান্ত মনৰ বাবে দৈনন্দিন জীৱনত যোগাভ্যাসৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।
যোগগুৰু দিব্যজ্যোতি ডেকাই অনুষ্ঠানত বক্তব্য আগবঢ়াই আধুনিক জীৱনত যোগৰ সৌন্দৰ্য, তাৎপৰ্য আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে।
অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ড° ৰমেন তালুকদাৰে অনুষ্ঠানত বক্তব্য আগবঢ়াই নৱপ্ৰতিষ্ঠিত যোগ সুস্থতা কেন্দ্ৰটোৱে অনাগত দিনত সফলতা লাভ কৰি এক সক্ৰিয় আৰু ফলপ্ৰসূ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰে।অনুষ্ঠানত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ OSD মহম্মদ আব্দুল আজিজ আলী, পৰিচালনা সমিতিৰ সদস্য সমীন্দ্ৰ হুজুৰী আৰু ড° যোগেশ ডেকাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়োৱা এক মনোমোহা আৰু মনোগ্ৰাহী যোগ প্ৰদৰ্শন। মহাবিদ্যালয়ৰ শাৰীৰিক শিক্ষা শিক্ষক পলাশ জ্যোতি বৰুৱাৰ প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰীসকলে এই সুন্দৰ যোগ প্ৰদৰ্শন আগবঢ়ায়। প্ৰদৰ্শনটোৱে উপস্থিত সকলোকে বিশেষভাৱে আকৰ্ষিত কৰে।অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰীয়ে সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰাৰ লগতে লগতে অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলো অতিথি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু সহযোগী ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰে।
অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত যোগ সুস্থতা কেন্দ্ৰৰ এই শুভ উদ্বোধনে মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু স্থানীয় সামাজিক পৰিৱেশত যোগ, স্বাস্থ্য, মানসিক শান্তি আৰু সামগ্ৰিক সুস্থতাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ'ল। নৱপ্ৰতিষ্ঠিত কেন্দ্ৰটোৱে আগন্তুক দিনত নিয়মীয়া যোগাভ্যাসৰ সুযোগ সৃষ্টি কৰি এক সুস্থ, সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলী গঢ়ি তোলাত স্থানীয় অঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

No comments