চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত কামৰূপ বিদ্যাপীঠ হাইস্কুলত নৱনিৰ্মিত টয়লেট ব্লক উদ্ধোধন
গুৱাহাটী , ১২ ছেপ্টেম্বৰ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ান মুখ্য কাৰ্যালয়ে বাহিনীটোৰ সামাজিক দায়বদ্ধতা আৰু জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বিগত সময়চোৱাত বৃহত্তৰ ৰাণীকে ধৰি কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ৰাইজ - শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি আহিছে।
ইয়াৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থিত কামৰূপ বিদ্যাপীঠ হাইস্কুলত শিক্ষাৰ্থী সকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে চৌহদত নতুনকৈ নিৰ্মাণ কৰা হৈছে শোচাগাৰ - প্ৰস্ৰাৱগাৰশ্বাহ টয়লেট ব্লক। ১১ ছেপ্টেম্বৰত হাইস্কুল চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত নৱনিৰ্মিত শোচাগাৰ - প্ৰস্ৰাৱগাৰসহ টয়লেট ব্লকটো উদ্ধোধন কৰে চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট এন কে কে প্ৰসাদে ।
এই উপলক্ষে কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধানাচাৰ্য্য শশীধৰ শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কমাডেণ্ট এন কে কে প্ৰসাদে ভাষণত বেটেলিয়ানৰ ফালৰ পৰা বিগত সময়চোৱাত সামাজিক দায়বদ্ধতা আৰু জনহিতকৰ কাৰ্যসূচীৰ অধীনত বিভিন্ন বিদ্যালয়ত চাইকেল ষ্টেণ্ড নিৰ্মাণকে ধৰি ৰাইজ আৰু শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ কেনে ধৰণৰ কাম কৰি অহা হৈছে তাৰ বিশদ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত কেবাজনো বিশিষ্ট ব্যক্তি, ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ ডেপুটী কমাডেণ্ট বিৰাট কুমাৰ সিং আৰু অমিত যোশী , সহকাৰী কমাণ্ডেণ্ট অদৱ ললিত অশোককে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে।

No comments