এক হাজাৰ স্কুলীয়া ছাত্ৰ- ছাত্ৰীয়ে একেলগে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত"মানুহে মানুহৰ বাবে"
গুৱাহাটী ,৯ ছেপ্টেম্বৰ : ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰশাসনৰ সহযোগত ৬, ৭ আৰু ৮ ছেপ্টেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মালিগাওঁস্থিত ৰেলৱে সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত উদযাপন কৰা হয়। ৬ ছেপ্টেম্বৰ প্ৰথম দিনা মালিগাওঁ গোশালাৰ কনকলতা ভৱনত বিয়লি ২ বজাৰ পৰা ক’, ‘খ’ আৰু ‘গ’ তিনিটা শাখাত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্রতিযোগিতা অনুষ্ঠিত হয় ।
চিত্ৰাংকন প্রতিযোগিতাৰ কাৰ্য্যসূচী উদ্ধোধন কৰে এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই। ৭ ছেপ্টেম্বৰ দ্বিতীয় দিনা দিনৰ ১১ বজাৰ পৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত প্ৰাইজমানি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্রতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে ভাগ লৈ সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে। প্ৰতিযোগিতাত তিনিচুকীয়াৰ প্ৰীতম দত্তই প্ৰথম স্থান লাভ কৰি নগদ ৩০ হাজাৰ টকা, পাটাছাৰকুছিৰ জিজ্ঞাসা কাশ্যপে দ্বিতীয় স্থান লাভ কৰি নগদ ২০ হাজাৰ টকা আৰু কাজিৰঙাৰ ভিতালী গগৈয়ে তৃতীয় স্থান লাভ কৰি নগদ ১০ হাজাৰ টকা লাভ কৰে। প্রতিযোগিতাত সাত গৰাকী প্ৰতিযোগীক বিচাৰকৰ বিশেষ বঁটাৰ লগতে এহাজাৰ টকাকৈ প্ৰদান কৰা হয় ।
প্ৰতিযোগী সাত গৰাকী হল ক্ৰমে - গুৱাহাটীৰ ভাৰ্গবী গোস্বামী , নগাঁওৰ ধৃতি তপস্যা বৰুৱা , আয়ুশ্ৰী দাস আৰু কৃষ্টি কন্যা শইকীয়া , বিশ্বনাথ চাৰিআলিৰ সম্ৰাজ্ঞী কাশ্যপ, তিনিচুকীয়াৰ দীপশিখা ডেকা আৰু লখিমপুৰৰ পৰী বৰুৱা । ৮ ছেপ্টেম্বৰ তৃতীয় তথা শেহৰ দিনা দিনৰ ১১ বজাত সদৰ কাৰ্য্যালয় প্ৰাংগণত মালিগাওঁ ৰেলৱে হায়াৰ চেকেণ্ডাৰী আৰু নেতাজী বিদ্যাপীঠৰ এহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত হিচাপে পৰিচিত “মানুহে মানুহৰ বাবে” গীতটো অসমীয়া, হিন্দী আৰু বঙালী ভাষাত পৰিবেশন কৰি আকাশ বতাহ মুখৰিত কৰি তোলে। গীতৰ অনুষ্ঠানটো মুকলি কৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু প্ৰধান মুখ্য কাৰ্মিক বিষয়া আৰ কে সিঙে। বিয়লি ২ বজাৰ পৰা সুধাকণ্ঠৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
সন্ধিয়া অনুষ্ঠিত শিল্পী সম্বৰ্দ্ধনা অনুষ্ঠানত সুধাকণ্ঠৰ সুৰাৰোপিত কথাছবি “চামেলি মেমচাহাবৰ বাৰ্কলী চাহাবৰ চৰিত্ৰত অভিনয় কৰা অসম আৰু বংগৰ বিশিষ্ট অভিনেতা জর্জ বেকাৰ আৰু তেওঁৰ সহধর্মিনী অৰ্পিতা বেকাৰক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ উপৰিও অনুষ্ঠানত সংগীত, চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পাৰ্থ ভৌমিক , সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।



No comments