৫ গৰাকী শিক্ষকক সম্বৰ্দ্ধনা ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰীৰ
গুৱাহাটী , ৫ ছেপ্টেম্বৰ : পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে আজি ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসে নিজ পঞ্চায়তৰ অন্তৰ্গত ৫ গৰাকী শিক্ষক ক্ৰমে - ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নয়ন কলিতা , পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বিত্ত বিভাগৰ অধ্যাপক ডঃ হেমন্ত কলিতা , ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিতেন্দ্ৰ কলিতা , জঙ্গৰাবড়ী নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মালতী দাস , ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শৰৎ কাকতিক বাসগৃহত গৈ গামোছা, স্মাৰক আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
সম্বৰ্ধনা অনুষ্ঠানত মৌচুমী দাসৰ সৈতে সংগ দিয়ে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰণৱ দাসে । গুৰু শিষ্যৰ সম্পৰ্ক অটুট ৰখাৰ বাবে মৌচুমী দাসে এই পদক্ষেপ অব্যাহত থাকিব বুলি সদৰি কৰে ।



No comments