Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ সামৰণি


 

গুৱাহাটী, ৪ ছেপ্টেম্বৰ : মহানগৰীৰ পশ্চিম প্ৰান্তৰ নৰ্থ ইষ্ট এলাইট চ'কাৰ স্কুল আৰু শ্যামভূমি হাইস্কুলৰ উদ্যোগত ১ ছেপ্টেম্বৰৰ পৰা শ্যামভূমি হাইস্কুল খেলপথাৰত আয়োজিত চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। যোৱা ১ ছেপ্টেম্বৰত খেলপথাৰখনত ৭, ৯ আৰু ১১ বছৰ অনুৰ্দ্ধ এই  তিনিটা শাখাত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হৈছিল। সিদিনা অনুষ্ঠিত খেলৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলসমূহো অনুষ্ঠিত হৈছিল । আজি পুৱাৰে পৰা ১৩ আৰু ১৫ বছৰ অনুৰ্দ্ধ এই দুটা শাখাত অনুষ্ঠিত হয় । 

বিয়লি প্ৰতিযোগিতাৰ চূড়ান্ত খেলসমুহ অনুষ্ঠিত হয়। উল্লেখ্য যে দুয়োটা দিনতে  প্ৰতিযোগিতাৰ পাঁচোটা শাখাত কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ৬০ টা  দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ সামৰণিত  বিজয়ী আৰু বিজিত দল সমূহক বঁটা সমূহ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত ডাইমণ্ড কাপ প্ৰতিযোগিতা উদযাপন সমিতিৰ সভাপতি তীৰ্থ মেধি , সম্পাদক মৃদুল দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা , শ্যামভূমি হাইস্কুলৰ ক্ৰীড়া শিক্ষক উৎপল মুছাহাৰী আৰু বিপুল দাস, ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া শিক্ষক সপোন চাংমা আৰু অঞ্চলটোৰ বহু ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে।

No comments

Powered by Blogger.